লখিমপুৰৰ চিলভাৰক্ৰেষ্ট হস্পিতালত মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
লখিমপুৰ,২৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ চৰাইমৰীয়াস্থিত চিলভাৰক্ৰেষ্ট হস্পিতাল নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত থকা এগৰাকী মহিলাৰ আজি পুৱা ১০ বজাত আকস্মিকভাৱে মৃত্যু হোৱা ঘটনাক লৈ চিকিৎসালয়খনত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। মৃত মহিলাগৰাকীৰ স্বামী তথা ধেমাজি জিলাৰ কপাহতলী গাঁও নিবাসী ফুলেশ্বৰ পাদুনে অভিযোগ কৰা মতে চিকিৎসালয়খনৰ স্বত্ত্বাধিকাৰী তথা চিকিৎসক ডাঃ অমিয়া কছাৰীৰ ভুল চিকিৎসাৰ ফলতে তেওঁৰ পত্নী জ্যোতিৰূপা পাদুনে অকাল মৃত্যুক সাৱটিব লগা হ'ল। জানিব পৰা মতে বৈবাহিক জীৱনৰ ছয়বছৰ অতিক্ৰম কৰাৰ পিচতো জ্যোতিৰূপাৰ গৰ্ভত কোনো সন্তানৰ অৱস্থিতি দেখিবলৈ নাপাই জ্যোতিৰূপা আৰু তেওঁৰ স্বামীয়ে টেষ্ট টিউব প্ৰক্ৰিয়াৰে সন্তান জন্ম দিয়াৰ লক্ষ্যৰে যোৱা এমাহ পূৰ্বে ধেমাজিৰ পৰা আহি চিকিৎসক ডাঃ অমিয়া কছাৰীক লগ কৰি সেই সন্দৰ্ভত তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। চিকিৎসকৰ পৰামৰ্শ অনুসৰি দম্পতীহালে সময়ে-সময়ে আহি লখিমপুৰত বিহিত চিকিৎসা গ্ৰহণ কৰি গৈছিল যদিও আজি মহিলাগৰাকীৰ ক্ষেত্ৰত আগতীয়াকৈ কৰিবলগা অ'ভাম পিকআপ অ'পাৰেচ্যনৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি শনিবাৰে সন্ধিয়া ৭ বজাত মহিলাগৰাকীক চিকিৎসালয়খনত ভৰ্ত্তি কৰোৱা হৈছিল। সেই অনুসৰি আজি পুৱা ৫.৪৫ বজাত মহিলাগৰাকীৰ স্কীন টেষ্ট কৰাৰ পিচত সাত বজাত এটি এণ্টিবায়'টিক দি থকা অৱস্থাতে মহিলাগৰাকীয়ে ছটফটাবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পৰা ক্ৰমান্বয়ে তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটি মহিলাগৰাকী একপ্ৰকাৰ মৃত্যুমুখলৈ আগবাঢ়ে। এনে পৰিস্থিতিত চিকিৎসকে তেওঁক প্ৰথমে আই চি ইউ আৰু পৰৱৰ্তী সময়ত ভেন্টিলেটৰত ৰাখে যদিও ভেন্টিলেটৰত থকা অৱস্থাতে তেওঁ মৃত্যুক আঁকোৱালি লয়। পুৱাৰ ভাগলৈকে হাঁহি-মাতি থকা মহিলা গৰাকীৰ এনে আকস্মিক মৃত্যুত একপ্ৰকাৰ ভাগি পৰে স্বামী। কোনো ধৰণৰ বেমাৰ-আজাৰ নথকা মহিলাগৰাকী একমাত্ৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মৃত্যুক আঁকোৱালি ল'ব লগা হোৱাৰ অভিযোগ তুলি তেওঁ ডাঃ অমিয়া কছাৰীৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইফালে নিজকে দোষমুক্ত বুলি দাবী কৰি চিকিৎসক ডাঃ কছাৰীয়ে ঘটনাটো সন্দৰ্ভত নিজেও সদৰ আৰক্ষীক এখন এজাহাৰ দাখিল কৰি ঘটনাটোৰ বিপৰীতে সঠিক তদন্ত দাবী কৰাৰ লগতে মৃত মহিলাগৰাকীৰ শৱদেহৰ মৰনোত্তৰ পৰীক্ষাৰ দাবী উত্থাপন কৰে। চিকিৎসকগৰাকীৰ মতে মহিলাগৰাকী এনাফাইলেক্সিচ ৰিয়েকচন (Anaphylaxis Reaction) হৈহে মৃত্যুমুখত পৰিছে। ইফালে উক্ত ঘটনাৰ পিচতে মৃত মহিলাগৰাকীৰ আত্মীয়ই গৈ চিকিৎসালয়খনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত উপায়ান্তৰ হৈ লখিমপুৰৰ আৰক্ষী প্ৰশাসনে চিকিৎসালয়খন সুৰক্ষাৰ বাবে আৰক্ষীৰ এটা দল নিয়োগ কৰে।

0 Comments:
Post a Comment