লখিমপুৰত পুনৰ বানৰ তাণ্ডৱ : জলমগ্ন বহুকেইখন গাঁও


লখিমপুৰ,৯ অক্টোবৰঃ লখিমপুৰত আহিনৰ বানৰ তাণ্ডৱ৷ জিলাখনৰ নাওবৈচা আৰু কদম ৰাজহ চক্ৰৰ কেইবাশ লোক আহিনীয়া বানৰ কবলত পৰি এতিয়া দিক-বিদিক হেৰুৱাইছে৷ বিগত দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নাওবৈচাত শিঙৰা নদীয়ে প্ৰবল বানৰ সৃষ্টি কৰি শিঙৰা নদীৰ বানে দলহাট-ফুলবাৰী সংযোগী পথটোৰ ওপৰেৰে পানী বাগৰাৰ ফলত ৩০নং এফ চি গ্ৰাণ্টত দুকুৰিৰো অধিক পৰিয়াল বানৰ কবলত পৰিছে৷ খৰস্ৰোতা নদীখনৰ বানে উক্ত অঞ্চলৰ সেউজীয়া কৃষিভূমি বালিৰে পুতি পেলোৱাৰ লগতে বহু পৰিয়ালৰ গৃহত পানী সোমোৱাৰ ফলত পুৱাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ বাঢ়নী পানীয়ে সেই অঞ্চলত মীন পালক সকলৰ পুখুৰীসমূহ বুৰাই পেলোৱাত মীন পালকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ শিঙৰা নদীৰ বাঢ়নী পানীয়ে লোক নিৰ্মাণ বিভাগৰ পথটো কেবা ঠাইতো বুৰাই পেলোৱাত পুৱাৰ ভাগত যাতায়াত ব্যহত হৈ পৰে৷ ইফালে শিঙৰা নদীৰ উন্মুক্ত অংশৰ সুৰক্ষাত কৃষিবান্ধটো নিৰ্মাণ নকৰাৰ ফলতে আহিন মাহৰ অন্তিম সপ্তাহত এনেদৰে ৰাইজ বানৰ কবলত পৰিব লগা হৈছে বুলি অভিযোগ উঠিছে৷ তদুপৰি কেবাজনো বালি মাফিয়াই শিঙৰা নদীত অবৈধ কুৱেৰী স্থাপন কৰি বালি সৰবৰাহ কৰাৰ বাবেই কৃষিবান্ধটো উন্মুক্ত কৰি ৰখা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত স্থানীয় লোকে কয় যে আজি পুৱতি নিশা নদীখনৰ বাঢ়নী পানীয়ে উক্ত উন্মুক্ত অংশৰ লগতে বালিৰে নিৰ্মাণ কৰা বান্ধটোৰ তলেৰে পানী সোমাই সমগ্ৰ অঞ্চলটোত এনে বান পৰিস্থিতিৰ সূচনা কৰি বিস্তৰ ক্ষতিসাধন কৰে৷ একেদৰে শিঙৰা নদীৰ উক্ত কৃষিবান্ধটো নিৰ্মাণৰ নামত নাওবৈচা উন্নয়ন খণ্ডই এনৰেগা আঁচনিৰ অধীনত লাখ লাখ টকা আবন্টন দিয়ে যদিও আঁচনি ৰূপায়ণৰ নামত এটা দালাল চক্ৰই পাল মৰা কামেৰে কৃষি বান্ধটো নিৰ্মাণ কৰাৰ বাবেই সম্প্ৰতি কৃষিবান্ধটোৰ অৱস্থা শোচনীয় হৈ পৰিল বুলি স্থানীয় লোকে  অভিযোগ উত্থাপন কৰিছে৷ আনহাতে আজি একেটা ৰাজহ চক্ৰৰে অন্তৰ্গত ৰাণাবাৰীত পাভ নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰে৷ নদীখনৰ বাঢ়নী পানীয়ে ৰাণাবাৰী, বাৰ মাইল আদিকে ধৰি কেবাখনো গাঁৱৰ শ শ বিঘা গেঁৰ ধৰা শালি ধানৰ খেতি বানে বুৰাই পেলোৱাত কৃষক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ইফালে আজি পুৱাই কাকৈ নদীয়ে সমগ্ৰ কদম অঞ্চলত প্ৰৱল বানৰ সৃষ্টি কৰাত উক্ত অঞ্চলৰ ভালেসংখ্যক লোক বানৰ কবলত পৰে৷ কাকৈ নদীৰ বানে পুৱাই কদম বাগান গাঁৱৰ অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাত সমগ্ৰ অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পৰিতাপৰ কথা যে আহিনীয়া বানে কদম বাগান গাঁৱত লোক নিৰ্মাণ বিভাগৰ পথটো জলমগ্ন কৰি পেলোৱাৰ লগতে এই পথৰ ওপৰত ৩-৪ ফুট উচ্চতাৰে পানী বাগৰি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷ বহু পৰিয়ালৰ গৃহত পানী সোমোৱাৰ ফলত পশুধন সমূহৰ অৱস্থা শোচনীয় হৈ পৰে৷ আজি কাকৈ নদীৰ বাঢ়নী পানীয়ে পুঠিমাৰী, কদম গোঁহাই গাঁও আদিতো বিস্তৰ ক্ষতিসাধন কৰে৷ 


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment