লখিমপুৰ পৌৰসভাত চৰকাৰী ধনৰ অপচয় : বিকল মৃতদেহ সৎকাৰৰ ৫০ লাখ টকীয়া বৈদ্যুতিক যন্ত্ৰ


লখিমপুৰ,১২ অক্টোবৰঃ উত্তৰ লখিমপুৰ পৌৰসভাত চৰকাৰী ধনৰ ব্যাপক অপচয়ে সকলোকে আচৰিত কৰি তুলিছে। শেহতীয়াকৈ উত্তৰ লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত শিৱমন্দিৰ নীলকণ্ঠেশ্বৰ উদ্যান আৰু শ্মশানত তেনে এক আজৱ কাণ্ড সংঘটিত হৈছে। শ্মশানখনত মৃতদেহ দাহ কৰাৰ উদ্দেশ্যে স্থাপন কৰা এটা ৫০ লাখ টকীয়া বৈদ্যুতিক শ দাহন যন্ত্ৰ কেৱল এদিন ব্যৱহাৰৰ পিছতে বিকল হৈ পৰাৰ পিছত সেই স্থানত পুনৰ নতুনকৈ চৰকাৰী আঁচনিৰে আকৌ শ দাহন আঁচনি নিৰ্মাণৰ কাম আৰম্ভ  কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পূৰ্বৰ আঁচনিখনে কেৱল ঠিকাদাৰৰ লগতে পৌৰসভাৰ বিষয়া-কৰ্মচাৰীকহে উপকৃত কৰাৰ বিপৰীতে সাধাৰণ জনতাৰ কোনো উপকাৰ সাধন নকৰিলে বুলি অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি উত্তৰ লখিমপুৰ নগৰৰ ১৪ নং ৱাৰ্ডৰ খেলমাটিত তথা শিৱমন্দিৰ নীলকণ্ঠেশ্বৰ উদ্যানৰ কাষৰ শ্মশানত ২০২২ বৰ্ষত উত্তৰ লখিমপুৰ পৌৰসভাই পঞ্চদশ বিত্তীয় আয়োগৰ ৪৯ লাখ ৯৯ হাজাৰ টকা ব্যয় সাপেক্ষে ‘প্ৰবিজন অফ উদ ৱেষ্ট ক্ৰেমিচন গ্ৰাউণ্ড নিয়েৰ শিৱমন্দিৰ’ত (কাঠ আধাৰিত শ দাহন  মেচিন) এখন আঁচনি নিৰ্মাণ কৰে৷ এই কামৰ দায়িত্ব লাভ কৰিছিল লৰিয়েল গগৈ নামৰ ঠিকাদাৰজনে আৰু উক্ত আঁচনি শুভ উদ্বোধন কৰিছিল লখিমপুৰৰ বিধায়ক মানৱ ডেকাই৷ তাৎপৰ্যপূৰ্ণ কথা যে উক্ত শ দাহন যন্ত্ৰটো কেৱল এদিন ব্যৱহাৰ কৰাৰ পিছতে বিকল হৈ পৰে৷ ফলত দীৰ্ঘদিন ধৰি উক্ত যন্ত্ৰটো শ্মশানতে পৰি থকাৰ পিছত শেহতীয়াকৈ উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কে চি পেগুৱে নিজ খেয়াল খুচিৰে সেই স্থানত মেনুৱেলি শ দাহনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰাৰ আঁৰত সচেতন ৰাইজে ৰহস্যৰ গোন্ধ পাইছে৷ পূৰ্বে ৫০ লাখ টকীয়া নিবিদা লাভ কৰা লৰিয়েল গগৈ বৰ্তমানৰ কাৰ্যবাহী বিষয়া কেচিয়কৰণ পেগুৰ ঘনিষ্ঠ বুলিও চৰ্চিত হৈছে৷ আনহাতে এই সন্দৰ্ভত শিৱমন্দিৰ নীলকণ্ঠেশ্বৰ উদ্যান আৰু শ্মশান পৰিচালনা সমিতিক কোনো গুৰুত্ব আৰোপ নকৰি নিজ ইচ্ছাৰে কাৰ্যবাহী বিষয়াজনে শ্মশানত ভঙা পতাৰ কাম কৰিবলৈ আগবাঢ়ি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ শ্মশান পৰিচালনা সমিতিয়ে ২০১৯ বৰ্ষৰ পৰা মন্দিৰৰ লগতে শ্মশানৰ উন্নয়নৰ বাবে  দাবী উত্থাপন কৰি আহিছে যদিও সেই দাবীক পৌৰসভাই অগ্ৰাহ্য কৰি অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment