লখিমপুৰৰ নাওবৈছাত বিধ্বস্ত যাতায়াত ব্যৱস্থা, প্ৰতিবাদ জনতাৰ
লখিমপুৰ,১২ অক্টোবৰঃ বিধায়ক ভৰত নৰহ মূর্দাবাদ, সাংসদ প্ৰদান বৰুৱা মূর্দাবাদ ধ্বনিৰে আজি উত্তাল হল নাওবৈছা বিধানসভা সমষ্টিৰ ৰাজপথ। সমষ্টিটোৰ বাট পথৰ উন্নয়নৰ বাবে সমষ্টিটোৰ বিধায়ক ভৰত নৰহ আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই বিগত সময়ৰ কাৰ্যকালত নাম মাত্ৰও গুৰুত্ব নিদিয়াত আজি ৰাইজে আমছু, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগিতাত বিধ্বস্ত পথত মাছ মাৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ যে ৰাজ্য চৰকাৰ আৰু বিধায়ক সাংসদৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে বৃহত্তৰ বঙালমৰাৰ ইছলমপুৰ-শালমৰা, বঙালমৰা -ফটেহপুৰ , পানধোৱা-গৰচিগা, আহমেদপুৰ-যুৱনগৰ আদি প্ৰধান পথ সমূহ এক বিধ্বস্ত পথলৈ পৰ্যবসিত হৈছে। ৰাইজে বিধায়ক ভৰত নৰহক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো আজিকোপতি পথৰ উন্নয়ন নোহোৱাত ৰাইজে আজি এনেদৰে ৰাজপথলৈ ওলাই আহি ভৰত নৰহ মূর্দাবাদ ধ্বনিৰে ৰাজপথ কঁপাই তোলে । একেদৰে সংখ্যালঘু ৰাইজৰ বশতিপ্রধান এলেকা হোৱাৰ বাবেই বিজেপি দলে চৰকাৰেও অঞ্চলটোৰ উন্নয়নৰ বাবে পিঠি দিয়াৰ অভিযোগ তুলি সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধেও সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । ৰাইজৰ হুংকাৰ আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ প্ৰদান বৰুৱাই ভোট বিচাৰি আহিলে প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হব লাগিব বুলি ৰাইজে সকীয়নী দিয়ে । আমছুৰ অভিযোগ -অঞ্চলটোৰ ৰাইজ সংখ্যালঘু হোৱাৰ বাবেই চৰকাৰে আমাক কৃপণলি কৰে । ইয়াৰ যোগ্য প্ৰতিফল এইবাৰ ৰাইজে দিব বুলি হুংকাৰ দিয়ে । উল্লেখ যে যি সময়ত লখিমপুৰ জিলাৰ বিভিন্ন সমষ্টিৰ বাট পথৰ উন্নয়নৰ বাবে চৰকাৰে কাম কৰিছে তেনে সময়ত বৃহত্তৰ নাওবৈছা সমষ্টিৰ বিধ্বস্ত -জৰাজীৰ্ণ পথে ৰাইজক ভীষণ সমস্যাত পেলাইছে ।


0 Comments:
Post a Comment