কামৰূপ মহানগৰত ৮৬০৮ গৰাকী শিক্ষাৰ্থীলৈ চাইকেল বিতৰণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ
গুৱাহাটী,১৩ অক্টোবৰঃ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আজি চাইকেল প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা অনুষ্ঠানত দহগৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে মন্ত্ৰী পাটোৱাৰীয়ে চাইকেল প্ৰদান কৰে। বাকীসকলক পৰৱৰ্তী সময়ত চাইকেলবোৰ দিয়া হ'ব। চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীৰ বাবে ৰূপায়িত আঁচনিখনৰ অধীনত কামৰূপ মহানগৰ জিলাৰ মুঠ ৮৬০৮ গৰাকী শিক্ষাৰ্থীক চাইকেল দিয়াৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে অসমৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে সকলো শ্ৰেণীৰ লোকৰ বাবে আঁচনি লৈছে৷ ছাত্ৰ- ছাত্ৰীসকলৰ বাবেও বহুকেইখন আঁচনি লোৱা হৈছে৷ শিক্ষাৰ্থীসকলে খোজকাঢ়ি বিদ্যালয়লৈ অহা-যোৱা কৰোতে হোৱা অসুবিধাৰ কথা বিবেচনা তেওঁলোকক চাইকেল দিয়াৰ পদক্ষেপ লোৱা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয় যে এতিয়া প্ৰতিযোগিতাৰ যুগ আৰু এই প্ৰতিযোগীতাৰ যুগত আগুৱাই যাবলৈ হ'লে ভালদৰে পঢ়া-শুনা কৰিব লাগিব। শিক্ষাৰ্থী সকলক পঢ়া-শুনা কৰি নিজকে মানৱ সম্পদ হিচাপে গঢ়িবলৈ কষ্ট কৰাৰ বাবে তেওঁ আহ্বান জনায়। প্ৰযুক্তিৰ নিৰন্তৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই আৰু তাৰ সুযোগ লৈ আগবাঢ়ি যাবলৈয়ো তেওঁ শিক্ষাৰ্থী সকলৰ প্ৰতি আহ্বান জনায়। অভিভাৱক সকলক উদ্দেশ্যি তেওঁ কয় যে নম্বৰ সৰহকৈ পোৱাৰ ফেছন হৈছে এতিয়া। নম্বৰ নহয়, উদ্দেশ্য হ'ব লাগে মানুহ গঢ়াৰ। দেশ-বিদেশ ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ বৰ্ণনাৰে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰাৰ তেওঁ চেষ্টা কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰনীয়া, উচ্চ শিক্ষাৰ সঞ্চালক পমী বৰুৱা, শিক্ষামন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত আছিল।


0 Comments:
Post a Comment