যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি
লখিমপুৰ,১২ অক্টোবৰঃ যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি লখিমপুৰ মেডিকেল কলেজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্থাপিত অভিযোগ অনুসৰি চিকিৎসালয়ত চিকিৎসকৰ হেমাহিৰ বাবেই লখিমপুৰ চেতিয়া গাঁৱৰ যুৱক জ্যোতিষ্ক বুঢ়াগোহাঁইৰ(২৪) আজি সন্ধিয়া ৫ বজাত মৃত্যু হয়। ইয়াৰ পাছতে উত্তেজিত ৰাইজে মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে যোৱা ১০অক্টোবৰত জ্যোতিষ্ক বুঢ়াগোহাঁইৰ পেটৰ অসুখত আক্ৰান্ত হৈছিল আৰু তেওঁক মেডিকেল কলেজৰ মেডিচিন বিভাগত ভৰ্ত্তি কৰোৱা হয়। চিকিৎসকে যুৱক জনক উপযুক্ত চিকিৎসা নকৰাৰ অভিযোগ তোলে যুৱক জনৰ পৰিয়ালে। চিকিৎসালয় খনত সৃষ্টি হোৱা পৰিস্থিতি আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ কৰা হয়।

0 Comments:
Post a Comment