নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিব প্ৰলয়ৰ : ডঃ দিব্যজ্যোতি শইকীয়া



লখিমপুৰ,২৭ অক্টোবৰঃ লখিমপুৰৰ সোৱণশিৰি নদী আজি হঠাৎ অস্বাভাৱিকভাৱে শুকাই গৈছে। নামনিত নৈৰ তৰাং বুকুত মাছ ধৰিছে ৰাইজে। প্ৰশাসনে ৰেড এলার্ট জাৰি নকৰিলে নামনিত জল প্ৰলয়ৰ আশংকা কৰা হৈছে। উল্লেখ্য যে বান্ধটোৰ ডাইভাৰচন টানেলৰ সন্মুখত পাহাৰ খহি বন্ধ হৈ পৰাত বৃহৎ বান্ধটো অতিক্ৰম কৰি পানী আহিব পৰা নাই। ফলত শুকাই গৈছে সোৱণশিৰি নদী। আশংকা কৰা হৈছে যে বান্ধৰ উজনিত সাগৰ সদৃশ পানী জমা হোৱাৰ বাবে সেই পানীয়ে বান্ধ ভাঙে নে পাহাৰ খহাই মহতিয়াই আহে তাৰ একো ঠিক নাই। উল্লেখ যে ১৯৫০ চনৰ বৰ ভুঁইকঁপত এনেদৰে ৰাক্ষস মুখত পাহৰ খহি সাদিন সোৱণশিৰি বন্ধ হৈ থকাৰ অন্তত পাহাৰ ভাঙি বৈ অহা পর্বত প্রমাণ পানীয়ে গোগামুখ নিচিহ্ন কৰি থৈ গৈছিল। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিলৈ সোৱণশিৰি নদীৰ প্ৰবাহ হ্ৰাস হোৱাৰ সন্দৰ্ভত আজি এন এইছ পি চিৰ পৰামৰ্শদাতা এ এন মহম্মদে এক বিবৃত্তিত কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৫ টা ৯.৫ মিটাৰ ব্যাসৰ ডাইভাৰচন টানেল ভিতৰত ব্যৱহাৰ হৈ থকা একমাত্ৰ ১নং নম্বৰ ডাইভাৰচন টানেলটো আজি পুৱা প্ৰায় ১১.৩০ বজাত ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে। বাকী ৪ টা ডাইভাৰচন টানেল ইতিমধ্যে বন্ধ কৰা হৈছিল। ফলস্বৰূপে নদীৰ প্ৰবাহ নামনিলৈ যথেষ্ট হ্ৰাস পায়। বৰ্তমানৰ ৯৯৭ ঘণমিটাৰ/ছেকেণ্ডৰ নদীৰ প্রবাহ জলাশয়ত সঞ্চিত হৈ আছে আৰু জলাশয় টোৰ পানীৰ স্তৰ বৃদ্ধি পাই আছে। দুপৰীয়া ১ বজাত পানীৰ স্তৰ ১৩৯ মিটাৰত উপনীত হৈছিল। এই ঘটনা সন্দৰ্ভত লখিমপুৰত উপস্থিত থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে অদূৰ ভৱিষ্যতে  দুহেজাৰ মেগাৱাট সম্পন্ন উক্ত নামনি সোৱণশিৰি প্ৰকল্পই প্ৰলয়ৰ সৃষ্টি কৰা সম্পূৰ্ণ সম্ভাৱনা আছে। এই প্ৰকল্পৰ নামনি অংশত যদি এন এইচ পি চি তথা কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান নকৰে তেতিয়া বহু নিৰীহ লোক মৃত্যু মুখত পৰিব। সেয়ে সময় থাকোতে বিভাগীয় কৰ্তৃপক্ষই উচিত পদক্ষেপ লোৱাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই দাবী জনায়।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment