আৰক্ষীৰ বৰ্বৰতাত যুৱকৰ আত্মহত্যা : দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ


লখিমপুৰ,২৬ অক্টোবৰঃ দেৰগাঁৱৰ অজয় দত্ত নামৰ এজন ২১বছৰীয়া যুৱকে আৰক্ষীয়ে চলোৱা নিৰ্যাতন আৰু বিনা দোষত ৰাজহুৱা স্থানত কৰা অপমানৰ বাবে বিজয়া দশমীৰ দিনা আত্মহত্যা কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসমৰ যুক্তিবাদী চিন্তবিদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। লখিমপুৰত উপস্থিত থকা মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বৰ্তমান সময়ত আৰক্ষীৰ একাংশ লোকে অৰাজকতাৰ সৃষ্টি কৰি বাৰম্বাৰ মানৱ অধিকাৰ উলঙ্ঘন কৰি আহিছে। একাংশ আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কেৰেপ নকৰে। অসম আৰক্ষীৰ একাংশই সাধাৰণ লোকৰ ওপৰত নানা ধৰণে অত্যাচাৰ চলায় অহা পৰিলক্ষিত হৈছে। এজন নিৰ্দোষী যুৱকক আৰক্ষীয়ে শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে ৰাজহুৱা স্থানত অপদস্থ কৰিবলৈ ক'ত অধিকাৰ পালে বুলি ডঃ শইকীয়া প্ৰশ্ন উত্থাপন কৰে। ডঃ শইকীয়াই কয় যে আৰক্ষীয়ে দোষী লোককো এনেধৰনে প্ৰহাৰ কৰিব নোৱাৰে। যদি কোনো লোকে কিবা অপৰাধ কৰে তেতিয়া আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু আৰক্ষীয়ে নিৰ্দোষী এজন সৎ যুৱকক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে ৰাজহুৱা স্থানত অপদস্ত কৰা ঘটনাৰ লগতে মৃতদেহ ১৩-১৪ ঘণ্টালৈকে গছত ওলোমাই ৰখা কাৰ্যক তেওঁ আমানৱীয় কাৰ্য বুলি উল্লেখ কৰে। ডঃ দিব্যজ্যোতি শইকীয়াই এই মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। উল্লেখ্য যে দেশৰ লগতে অসমত আৰক্ষীয়ে কৰা বিভিন্ন নিৰ্যাতন আৰু ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে সৰৱ ভূমিকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ তৰা দেশ তথা অসমৰ একমাত্ৰ  এইগৰাকী মানৱ অধিকাৰ কৰ্মী ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment