পুঁজিপতিৰ স্বাৰ্থত জলবোমা তৈয়াৰ কৰি মানৱ অধিকাৰ উলংঘন : ডঃ দিব্যজ্যোতি শইকীয়া



লখিমপুৰ,২৮ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন দল-সংগঠন, সচেতন ব্যক্তি আৰু বিশেষজ্ঞ সমিতিয়ে আশংকা কৰাৰ দৰেই বৃহৎ নদীবান্ধৰ বিৰূপ প্ৰভাৱ এতিয়া ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিলে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শেহতীয়া পৰিস্থিতিৰ ফলত নদীপৰীয়া সাধাৰণ জনতাৰ লগতে লখিমপুৰ, ধেমাজি, দেৰগাঁৱ, মাজুলী আদিৰ ৰাইজ এতিয়া গভীৰ আতংক আৰু শংকাৰ মাজত। নদীবান্ধৰ প্ৰভাৱক লৈ ৰাইজ এতিয়া গভীৰ চিন্তাত উদ্বিগ্ন। আশংকা কৰাৰ দৰেই নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধে জৈৱ বৈচিত্ৰলৈ ভাবুকি আনি নদীপৰীয়া সভ্যতা সংস্কৃতি ধ্বংস কৰি পেলাব নেকি। শেহতীয়াকৈ সাধাৰণ নাগৰিকৰ লগতে সচেতন মহলৰ মাজত এনে আশংকাই বিৰাজ কৰিছে আৰু ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সাধাৰণ নাগৰিক, সংগঠনৰ অভিযোগ যে বৃহৎ নদীবান্ধৰ দ্বাৰা হ'ব পৰা ভয়ানক ক্ষতিক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ নাম মাত্ৰও  চিন্তিত নহয়। লখিমপুৰ জিলাখনৰ অসম অৰুণাচল সীমান্তবৰ্তী অৰুণাচল প্ৰদেশৰ য়াজুলীত অৱস্থিত ৪০৫ মেগাৱাটৰ এটা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প "ৰঙানদী জলবিদ্যুৎ প্ৰকল্প"ৰ পৰা এৰি দিয়া পানীয়েই বিগত ২০০৮ বৰ্ষত লখিমপুৰত ভয়াবহ বান প্ৰলয়ৰ সৃষ্টি কৰি ২২ জনকৈ লোকৰ মৃত্যু হৈছিল। তৎসতেও কেন্দ্ৰ-ৰাজ্য চৰকাৰে ৰাইজৰ জীৱন সম্প্ৰতিৰ নিৰাপত্তাৰ দিশটোৰ প্রতি গুৰুত্ব নিদি গেৰুকামুখত ২০০০মেগাৱাটৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মান কাৰ্যৰে ৰাইজক আন এক ভয়াবহ বিপয্যয়লৈ ঠেলি দিলে তাৰেই জ্বলন্ত উদাহৰণ বিগত সময়ত নামনি সোৱণশিৰি প্ৰকল্পস্থলীত সংঘটিত ঘটনা প্ৰবাহ। শেহতীয়াকৈ গেৰুকামুখৰ প্রকল্পস্থলীত ভূমিস্খলন হৈ প্ৰকল্পৰ ডাইভাৰচন টানেল বন্ধ হৈ পৰাৰ ফলত সোৱণশিৰি নদী শুকাই পৰা ঘটনা অনাগত ভৱিষ্যতৰ দিনত বৃহৎ নদীবান্ধটোৰ পৰা হ'ব পৰা পৰিবেশিক বিপৰ্যয়ৰ দিশটোকে উন্মোচন হোৱাত উত্তৰ অসমৰ সকলো লোক বৃহৎ নদীবান্ধক লৈ আতংকিত আৰু শংকিত হৈ পৰিছে। উল্লেখযোগ্য যে লখিমপুৰৰ ৰঙানদীত ৪০৫ মেগাৱাট বিজুলী শক্তি উৎপাদন কৰিব পৰা ৰঙানদী প্ৰকল্পৰ কাম ১৯৮৪ চনত আৰম্ভ হোৱাৰ পাছৰে পৰা লখিমপুৰৰ বিভিন্ন সন্থা, সংগঠনৰ লগতে ৰাজ্যজুৰি নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল যদিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাইজৰ প্ৰতিবাদ, দাবীক কানসাৰ নিদিলে। ফলত বাৰিষা-খৰালি নদীপৰীয়া ৰাইজ নদীৰ বান খহনীয়া, খৰালি শুকান মৰুভূমি সদৃশ পৰিস্থিতিৰ লগত যুঁজি সৰ্বসান্ত হৈছে। বৰ্তমান অধিক জটিল পৰিস্থিতি এতিয়া আৰম্ভ হল নামনি সোৱণশিৰি প্ৰকল্পৰ ক্ষেত্ৰত। ৰাইজে বাৰিষা-খৰালি নদীবান্ধে সৃষ্টি কৰা ভয়ানক পৰিস্থিতিক লৈ জীৱন নিৰ্বাহ কৰাৰ বাবে সাজু হব লগা পৰিস্থিতি আহি পৰিল। বাৰিষা-খৰালি চৰকাৰ প্ৰশাসনে ৰঙানদীৰ নৈপৰীয়া ৰাইজক সতৰ্কবাণী শুনোৱাৰ দৰে নামনি সোৱণশিৰি বান্ধ প্ৰকল্পৰ ক্ষেত্ৰতো  সতৰ্কবাণীৰে ৰাইজক সতৰ্ক কৰাৰ বাহিৰে ৰাইজক নদীবান্ধৰ ভয়ানক পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ উপায় নাথাকিব । উল্লেখ যে কেৱল ১০০ মেগাৱাটৰ কাৰ্বি লাংপি প্ৰকল্পই যোৱা কেইটা বছৰত নগাঁও, মৰিগাঁও, হামৰেনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ১৫০ মেগাৱাট বিজুলী শক্তি উৎপাদন কৰা ভূটানৰ কুৰিছু জলবিদ্যুৎ প্ৰকল্পৰ বাবে ২০০৪ চনৰ পৰা নলবাৰী, বাক্সা , বৰপেটা আদি জিলাৰ ৰাইজে বানপানীত হাবুডুবু খাইছিল। নামনি সোৱণশিৰি প্ৰকল্প ২০০০মেগাৱাটৰ। তেতিয়াহলে সোৱণশিৰিৰ নামনিত থকা গেৰুকামুখ, গোগামুখ, ঘূণাসুঁতি জেঙৰাইমুখ, মাজুলী কমলাবাৰীৰ মানুহে নগাঁও, মৰিগাঁও বাসীতকৈ শ গুণ অধিক দুৰ্যোগৰ বাবে সাজু থাকিব লাগিব । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰে যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে  এশ মেগাৱাটৰ পৰা পাঁচশ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধে প্ৰলয়ৰ সৃষ্টি কৰি বহু নিৰীহ মানুহৰ প্ৰাণ নাশ কৰাৰ লগতে হাজাৰ হাজাৰ মানুহক গৃহহীন কৰাৰ উপৰি প্ৰাকৃতিক পৰিবেশৰ ওপৰত কুপ্ৰভাৱ পেলাই আহিছে। ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে দুহেজাৰ মেগাৱাট সম্পন্ন সোৱণশিৰিৰ উক্ত নদী বান্ধে অদূৰ ভৱিষ্যতে কিমান বিস্তৰ ক্ষতি কৰিব তাৰ উদাহৰণ আমি সকলোৱে পতক্ষ কৰিলো। এসময়ৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত এনে জলবোমা নিৰ্মাণ কৰি জীৱ কুলৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই অনাৰ লগতে এনে জলবোমা তৈয়াৰ কৰি চৰকাৰে মানৱ অধিকাৰ খৰ্ব কৰাৰ দিশে অগ্ৰসৰ হৈছে। ভৱিষ্যতৰ কোনো কুপ্ৰভাৱৰ কথা নভাবি ক্ষন্তেকীয়া উন্নয়ন তথা বিকাশৰ নামত নিৰ্মান কৰা এনে বৃহৎ নদী বান্ধে  হাজাৰৰ পৰা লাখৰ ঘৰত সাধাৰণ নাগৰিকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ সম্ভাৱনা অধিক । কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মান হোৱা এনে বান্ধৰ কুফলৰ বাবে কোনো লোকৰ মৃত্যু হ'লে এনে মৃত্যুক ৰাষ্ট্ৰৰ দ্বাৰা হত্যা কৰা বুলি আমি ভাবিবলৈ বাধ্য হ'ম আৰু এনেধৰণৰ ঘটনা হ'ব মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনা। সেয়ে উক্ত প্ৰকল্পৰ নামনি অঞ্চল সম্পূৰ্ণ ভাৱে সুৰক্ষা নিশ্চিত নকৰালৈকে উক্ত বৃহৎ নদীবান্ধৰ জলবিদ্যুৎ প্ৰকল্পৰ  কাম বন্ধ ৰাখিবলৈ দাবী জনোৱাৰ লগতে অন্যথা ভাঙি দিবলৈ বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ শইকীয়াই আহ্বান জনায়। আনহাতে লখিমপুৰৰ অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ সৌৰভ কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰতি বছৰে ৪০৫ মেগাৱাট ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই লখিমপুৰত বিগত দিনত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ইফালে নিৰ্মান সম্পূৰ্ণ নৌহওতেই সোৱণশিৰি ২০০০ মেগাৱাটৰ প্ৰকল্পই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment