লখিমপুৰত সোৱণশিৰি-ৰঙানদীৰ ভয়াৱহ খহনীয়া


লখিমপুৰ,৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ আৰু নাওবৈছা ৰাজহ  চক্ৰৰ অন্তৰ্গত  পকনীয়া, পমুৱা খাবলিত ৰঙানদী আৰু সোৱণশিৰিৰ ভয়ংকৰ গড়াখহনীয়াই ৰাইজক আতংকিত কৰি তুলিছে। ৰঙানদী-সোৱণশিৰিৰ মোহনাত ৰঙানদীৰ বাওঁপাৰে পমুৱা খাবলিত ভয়ানক খহনীয়াৰ সৃষ্টি কৰি মথাউৰিটোৰ প্ৰায় ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এলেকাত ইতিমধ্যে ৯০ শতাংশ খহাই নিঃশেষ কৰি পেলাইছে। সোৱণশিৰিৰ ওভোতনি পানীয়ে ৰঙানদীত মিলিত হৈ পকনীয়াত ৰঙানদীত জাহ যোৱাৰ পিছত সেই অঞ্চলৰ লোকসকলে বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছে। লখিমপুৰৰ জলসম্পদ বিভাগে এই খহনীয়া অংশটোত পুনৰ নির্মাণ অথবা মেৰামতি কৰাৰ ক্ষেত্ৰত বিশেষ কোনো তৎপৰতা প্ৰদৰ্শন নকৰাত ৰাইজৰ মাজত তীব্র ক্ষোভৰ সৃষ্টি হৈছে । সোৱণশিৰি আৰু ৰঙানদীৰ মোহনাত এতিয়া দুয়োখন নদীয়ে বিভীষিকাৰ সৃষ্টি কৰি আছে । নদীখনে  আওপুৰণি মথাউৰিটো ৰঙানদীত সম্পূৰ্ণৰূপে জাহ নিয়াত খহনীয়াৰ সৃষ্টি কৰা পমুৱা খাবলিকে ধৰি পকনীয়া, গেচেক, নামচুক, কাৱৈভুৰুকা ,আদি প্রায় ৯/১০খন ৰাজহ গাঁৱত অদূৰ ভৱিষ্যতে সংকটত পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। ভগ্ন মথাউৰিটো সুৰক্ষিত কৰিবৰ বাবে স্থানীয় লোকসকলে খাবলিত যোৱা জেঠ মাহৰ পৰা নদীখনে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই আহিছে যদিও এই পর্যন্ত সংশ্লিষ্ট বিভাগে মথাউৰিটো খহাই নিঃশেষ কৰাৰ মুহূৰ্তলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজৰ দাবী -খহনীয়া প্ৰতিৰোধৰ নামত বাৰিষা কাম কৰি চৰকাৰী ধনৰ সৰাধ কৰাতকৈ সময় থাকোতেই অৰ্থাৎ খৰালি মথাউৰিটোত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিব লাগে ।   নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত এই খহনীয়াত জাহ নিয়া  মথাউৰিটো পুনৰ নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে  দাবী জনাইছে। অন্যথা কৃষিজীৱী লোকসকলে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে।  উল্লেখযোগ্য যে ৰঙানদী -সোৱণশিৰিৰ মোহনাৰ সমীপত নদীৰ খহনীয়াই  মথাউৰিটোৰ প্রায় ১ কিলোমিটাৰ দৈৰ্ঘ্যত  তীব্র খহনীয়াৰ সৃষ্টি কৰিছে আৰু প্ৰায় ৫০০ মিটাৰ অংশত মথাউৰিটো প্ৰায় সম্পূৰ্ণ ৰূপেই নিঃশেষ কৰিছে । যাৰ বাবে স্থানীয় লোকে জীয়াটো ভূগিব লগা হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment