মহানগৰীত সুৰাসক্ত যুৱকে হানি-খুচি হত্যা কৰিলে এজন ই-ৰিক্সা চালকক


গুৱাহাটী,২৪ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতে গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড। চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰা হ'ল এজন লোকক। ৰাজপথত পৰি ৰ’ল লোকজনৰ ৰক্তাক্ত মৃতদেহ। এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হয় গুৱাহাটীৰ হেঙেৰাবাৰীত। বিজয়া দশমীৰ পুৱাই হেঙেৰাবাৰীৰ এল পি স্কুল চাৰিআলিত সংঘটিত হ’ল এই লোমহৰ্ষক হত্যাকাণ্ড। এজন ই-ৰিক্সা চালকক এজন উদণ্ড যুৱকে ৰাজপথতে চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে। ৰাজপথতে পৰি ৰয় লোকজনৰ মৃতদেহ। লোকজনক হত্যা কৰাৰ পিছতে হত্যাকাৰী যুৱকজনে বহু সময় ধৰি ৰাজপথত চলালে সন্ত্ৰাস। মৃত্যু হোৱা লোকজনৰ মৃতদেহতো লঠিয়াই-গুৰিয়াই বন্য উল্লাসেৰে সন্ত্ৰাসৰ সৃষ্টি কৰে যুৱকজনে। আনকি যুৱকজনে আন লোককো আক্ৰমণৰ চেষ্টা চলায়। অভিযুক্ত যুৱকজনৰ নাম তিলেশ্বৰ দাস বুলি জানিব পৰা গৈছে। আনহাতে মৃত্যু হোৱা ই-ৰিক্সা চালকজনৰ নাম খগেন দাস। তিলেশ্বৰ দাসো পেছাত ই-ৰিক্সা চালক। ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে খগেন দাসৰ মৃতদেহ। সুৰাসক্ত অৱস্থাত আছিল অভিযুক্ত তিলেশ্বৰ দাস। সুৰাৰ ৰাগীত মাতাল হৈ পুৱাই মহানগৰীৰ ৰাজপথত এইদৰে এজন লোকক হত্যা কৰাৰ লগতে সন্ত্ৰাস সৃষ্টি কৰা ঘটনাই আতংকিত কৰি তোলে স্থানীয় লোকসকলক। অভিযুক্ত যুৱকজনক আৰক্ষীয়ে আটক কৰিছে। কি কাৰণত তিলেশ্বৰ দাসে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এইপৰ্যন্ত জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। ইফালে আজি পুৱাই মহানগৰীৰ লখৰাৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছৰ সমীপত উদ্ধাৰ হয় এটা মৃতদেহ। জানিব পৰা মতে বাথৌপুৰীত ফেন্সিঙৰ ভিতৰত ট্ৰেন্সফৰ্মাৰৰ তলত পৰি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয়। মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যেই ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment