আৰক্ষী অধীক্ষকৰ নাম লৈ ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল ফেচবুক সাংবাদিক


লখিমপুৰ,২৩ অক্টোবৰঃ এছ পি  আনন্দ মিশ্ৰৰ মূৰৰ কামোৰণি এগৰাকী ফেচবুক সাংবাদিক। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা ফেচবুক সাংবাদিকক খেদি-খেদি ধৰিলে আৰক্ষীয়ে। লখিমপুৰৰ লালুক আৰক্ষীৰ জালত পৰিল আব্দুল কালাম নামৰ ভুৱা সাংবাদিক। এছ পি, ডি এছ পি আৰু আৰক্ষীৰ নাম লৈ ব্যাপক দালালিত নামিছিল যুৱকজন। এটা ফেছবুক পেজ খুলি লৈ নিজকে সাংবাদিকৰ পৰিচয় দি দীৰ্ঘদিনে চলাই আহিছিল সন্ত্ৰাস। ধৰ্ষণৰ গোচৰ এটাত আৰক্ষীৰ নামত ধন লৈ কৰিছিল মীমাংসা। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কেবাদিনো ধৰি আব্দুল কালামক বিচাৰি চলাইছিল অভিযান। নিশা ৰেলযোগে গোপনে পলায়নৰ চেষ্টা কৰোতেই হাৰমতি ৰেলৱে ষ্টেচনত খেদি-খেদি ধৰিলে আৰক্ষীয়ে। ধৃত আব্দুল কালামসহ আন এটা দালাল আতিকুল ইছলামকো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জব্দ কৰিছে এখন বাহন আৰু আটক কৰিছে বাহনখনৰ চালককো। পূৰ্বেও আৰক্ষীৰ নামত ধন লৈ জেললৈ গৈছিল আব্দুল কালাম। ধন আনিবলৈ গৈ পৰিছিল ৰাইজৰ ৰোষত। ৰাইজে কৰায়ত্ত কৰি চমজাইছিল আৰক্ষীক। ইয়াৰ পিছতো সংশোধন নহ'ল যুৱকজনৰ। তেওঁৰ বিৰুদ্ধে 387/506/34 IPCত লালুক আৰক্ষী থানাত ৰুজু হৈছে গোচৰ। আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰি পুনৰ বিচাৰিছে নিজৰ জিম্মাত।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment