শাৰদীয় দুৰ্গোৎসৱত গুৱাহাটী মহানগৰীত সুৰা বিক্ৰীৰ অভিলেখ


গুৱাহাটী,২৫ অক্টোবৰঃ প্ৰত্যেক বছৰেই বিভিন্ন উৎসৱ-পাৰ্ৱনৰ সময়ত অসমত সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। মঙলবাৰে বিজয়া দশমীৰে শাৰদীয় দুৰ্গোৎসৱৰ সামৰণি পৰিল। শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজত গুৱাহাটী মহানগৰীত সুৰাপায়ী সকলে গঢ়িলে অভিলেখ। দুৰ্গা পূজাৰ তিনিদিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ'ল ২২.৫ কোটি টকাৰ সুৰা। বিগত বৰ্ষত এই পৰিমাণ আছিল ১৬.৮০ কোটি টকা। এইবছৰ সুৰাৰ বিক্ৰী প্ৰায় ৬ কোটি টকালৈ বৃদ্ধি পালে। লক্ষণীয় বিষয় যে এইবাৰ দশমীৰ দিনাও সুৰাৰ বিপনী খোলা আছিল। ৰাজহ লাভৰ বাবে চৰকাৰে এইবাৰ দশমীত সুৰাৰ বিপনী বন্ধ ৰখাৰ পূৰ্বৰ নিৰ্দেশ বাহাল নাৰাখিলে। সাধাৰণতে দশমীৰ দিনা সুৰাৰ বিপনী বন্ধ থাকে। কিন্তু এইবাৰ দশমতো সহজলভ্য কৰা হ'ল সুৰা। যাৰ বাবে বিক্ৰীৰ পৰিমাণো যথেষ্ট বৃদ্ধি পালে আৰু চৰকাৰে ৰাজহো বেছিকৈ পালে। আবকাৰী বিভাগৰ তথ্য মতে গুৱাহাটী মহানগৰীত অষ্টমী, নৱমী আৰু দশমীৰ দিনা অৰ্থাৎ তিনি দিনত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী হয়। লক্ষণীয় বিষয় যে প্ৰত্যেক বছৰেই ৰাজধানী চহৰখনত সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। অৱশ্যে এয়া ভাল নে বেয়া সেয়া ৰাইজেই বিচাৰ কৰিব। কিন্তু এটা কথা ঠিক যে চৰকাৰখনে সুৰাৰ বিক্ৰী বৃদ্ধিত বিশেষ গুৰুত্ব দিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment