গেৰুকামুখ প্ৰকল্পত ব্যাপক প্ৰতিবাদ, প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী পুত্তলিকা দাহ
লখিমপুৰ,২৮ অক্টোবৰঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কেতিয়াও কোনোদিনে নোহোৱা নোপজা অঘটন সংঘটিত হোৱাৰ সময়তে এতিয়া সোৱণশিৰিপৰীয়া ৰাইজক জলবোমাৰ আতংক আৰু দুঃস্বপ্নই খেদিছে। গেৰুকামুখৰ ঠুনুকা পাহাৰ খহি প্ৰকল্পৰ একমাত্ৰ সক্ৰিয় টানেলটো বন্ধ হৈ পৰাৰ ফলত প্ৰকল্পৰ নামনিৰ অংশত সোৱণশিৰি নদীৰ জলৰাশিৰ গতি স্তব্ধ হৈ পৰাৰ লগতে নদীৰ বক্ষ নিমিষতে শিলাময় পথলৈ সলনি হোৱাৰ বিৰল ঘটনা সংঘটিত হোৱা সময়তে এতিয়া প্ৰবল প্ৰতিবাদ হৈছে। শুকুৰবাৰে পুৱাৰে পৰা হঠাৎ শুকাই যোৱা সোৱণশিৰি নদীৰ জল প্ৰবাহে লক্ষীমপুৰ, ধেমাজি আৰু মাজুলীৰ জনসাধাৰণৰ মাজত আশ্বৰ্য আৰু আতংকৰ সৃষ্টি কৰে৷ সোৱণশিৰি নদীত সংঘটিত এই অভাৱনীয় আৰু বিৰল পৰিঘটনাই এতিয়া গেৰুকামুখৰ বৃহৎ নদীবান্ধৰ কুফল তথা নৈপৰীয়া সভ্যতা সংস্কৃতি, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি দেখা দিয়া চৰম ভাবুকি সৃষ্টি কৰিছে৷ প্ৰকল্পৰ নামনি অংশত নদীখনৰ জলৰাশি শুকাই যোৱাত চাউলধোৱা ঘাট, ভীমপৰা ঘাট, এচাৰকটা ন-আলি ঘাট আদি নামনি অংশৰ মাছৰ উজান উঠাত নৈপৰীয়াই মাছ ধৰাৰ আনন্দ উপভোগ কৰিলেও কিন্তু এক ভয়াবহ বিপদৰ আগজাননীত আতংকিত হৈ পৰে৷ উল্লেখ্য যে নদীখনক কেন্দ্ৰ কৰি মৎস্য জীৱি, গোপালক, কৃষি কৰ্মৰে জড়িত লোকসকলে থলুৱা বজাৰ তথা অৰ্থনীতিত বিশেষ অৰিহণা আগবঢ়াই অহাৰ লগতে এক সুস্থিৰ সামাজিক বাতাবৰণ ৰক্ষা কৰি আছিল যদিও এনে অভাৱনীয় পৰিস্থিতিৰ পৰিপেক্ষিতত গেৰুকামুখৰ বৃহৎ নদীবান্ধৰ বিষম পৰিণতিৰ আশংকা, আতংক আৰু দুঃস্বপ্নই নৈপৰীয়া ৰাইজক অস্থিৰ আৰু উদ্বিগ্ন কৰি তুলিছে৷ শুক্ৰবাৰৰ পুৱাৰে পৰা আজি পুৱাৰ ভাগলৈকে প্ৰায় ২৪ ঘণ্টাৰো অধিক সময় ধৰি খৰস্ৰোতা সোৱণশিৰি ঠায়ে ঠায়ে তৰাং আৰু ঠায়ে ঠায়ে উকা হৈ পৰাত প্ৰকল্পটোৰ উজনিৰ অংশত আবদ্ধ হৈ পৰা বৃহৎ জলৰাশিৰ বিস্ফোৰণ ঘটি নিমিষতে ১৯৫০ চনৰ মহা প্ৰলয়ৰ আশংকা ঘনীভূত হোৱাৰ সমান্তৰালভাৱে সোৱণশিৰি নদীৰ বিপদ তথা মৃত্যু ঘটা কথাৰো আশংকা কৰা হৈছে৷ এই বিষম পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীমপুৰ জিলা প্ৰশাসন আৰু মিচিং স্বায়ত্ত পৰিষদে যোৱানিশাৰে পৰা জৰুৰীভাৱে সতৰ্কতামুলক নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনা অনুসৰি নিশাৰ ভাগত নদীত মাছ মৰা, গা ধোৱা, সাতোঁৰা, নৌকা চালন আদিত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি নৈপৰীয়া লোকৰ পোহনীয়া জীৱজন্তুক নদীৰ পৰা নিৰাপদ দূৰত্বত ৰাখিবৰ বাবেও নিৰ্দেশনাটোত কোৱা হৈছে৷ নিৰ্দেশনাটোত নৈপৰীয়া লোকসকলক নদীৰ গতি তথা জলপৃষ্ঠ স্বাভাৱিক আৰু নিয়মীয়া নোহোৱা পৰ্যন্ত সতৰ্ক হৈ থাকিবলৈ আৰু নৈপৰীয়া লোকসকলক আতংকিত নহ’বলৈও জিলা প্ৰশাসন আৰু মিচিং পৰিষদে আহ্বান জনাইছে৷ কিন্তু এই আহ্বান তথা জৰুৰী নিৰ্দেশনাৰ বিপৰীতে সোৱণশিৰিপৰীয়া লোকসকলৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে যে ২০০০ মেগাৱাট ইস্পিত লক্ষ্য বান্ধি নিৰ্মাণ কৰা গেৰুকামুখৰ বৃহৎ নদীবান্ধত প্ৰাৰম্ভিক পৰ্যায়ত মাত্ৰ ৫০০ মেগাৱট শক্তি উৎপাদনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে এনে অঘটনে সকলোকে প্ৰকল্প সন্দৰ্ভত নতুনকৈ ভাবিলৈ বাধ্য কৰাইছে৷ ইফালে জলবিদ্যুৎ প্ৰকল্পৰ নামনিলৈ সোৱণশিৰি নদীৰ প্ৰবাহ হ্ৰাস হোৱা সন্দৰ্ভত এন এইচ পি চিৰ পৰামৰ্শদাতা এন এন মহম্মদে এক প্ৰেছ বিবৃতিৰ জৰিয়তে ঘটনাৰ সত্যতা কথা স্বীকাৰ তথা স্পষ্ট কৰিছে। গেৰুকামুখ প্ৰকল্পক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগ, আতংকা মাজতে শ শ কুইণ্টল মাছৰ মৃত্যু আৰু ২৮ টাকৈ দুষ্প্ৰাপ্য শিহুৰ জীৱন বিপদাপন্ন হোৱাকে ধৰি অভাৱনীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি বিভিন্ন দল সংগঠনৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই নৈপৰীয়া সভ্যতা, সংস্কৃতি, জৈৱ বৈচিত্ৰ্য, পাৰিপাশ্বিৰ্ক ভাৰসাম্য অটুট ৰখাৰ স্বাৰ্থত গেৰুকামুখৰ বৃহৎ নদীবান্ধ বন্ধ কৰি দিব লাগে বুলি দাবী জনাইছে৷ ইফালে গেৰুকামুখ প্ৰকল্পৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এন এইচ পি চিৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। গেৰুকামুখ প্ৰকল্পত সংঘটিত হোৱা ভয়াবহ পৰিস্থিতি তথা সোৱণশিৰি নদীৰ জলপ্ৰবাহ হ্ৰাস হোৱাৰ পৰিস্থিতিত আজি গেৰুকামুখ প্ৰকল্পৰ প্ৰবেশদ্বাৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ তথা ধৰ্ণা কাৰ্যসূচী পালন কৰে৷ সংগঠনদ্বয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু এন এইচ পি চিৰ পুত্তলিকা দাহ কৰে৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত লক্ষীমপুৰ আৰু ধেমাজি সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু এন এইচ পি চিৰ পুত্তলিকা দাহ কৰে৷ উক্ত কাৰ্যসূচীৰ পিছতেই পুৱা ছাত্ৰ পৰিষদে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইৰ নেতৃত্বত ধেমাজি আৰু লক্ষীমপুৰ জিলা সমিতিয়ে ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত পৰিষদৰ এটা সজাতি দলে প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে এন এইচ পি চি কতৃৰ্পক্ষক সাক্ষাৎ কৰে৷ সজাতি দলটোক এন এইচ পি চি কতৃৰ্পক্ষই কোনোধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয় বুলি আশ্বাস দিয়ে৷

0 Comments:
Post a Comment