দেশ উন্নত হ'বলৈ নাৰীৰ সৰ্বাংগীন উন্নতি অপৰিহাৰ্য : মন্ত্রী অজন্তা নেওগ



 

গুৱাহাটী,৩ অক্টোৱৰঃ 'উন্নত ৰাষ্ট্ৰ নিৰ্মানৰ বাবে নাৰীৰ সৰ্বাংগীন বিকাশ অপৰিহাৰ্য। নাৰী শক্তিমান হ'লেহে দেশ শক্তিমান হ'ব'- আজি শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ ফুলবাৰী চাহবাগিছাত আয়োজিত এখন জনসজাগতা সভাত দিয়া ভাষনত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে এনেদৰে কয়। উল্লেখযোগ্য যে, আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগে মাহজোৰা কাৰ্যসূচীৰে চাহ বাগিচাসমূহত 'মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰণ'ৰ ওপৰত এলানি সজাগতা সভাৰ আয়োজন কৰিছে। আজি ফুলবাৰী বাগিচাত অনুষ্ঠিত সজাগতা সভাত দিয়া ভাষনত মাননীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীগৰাকীয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত মহিলা সকলক সম অধিকাৰ প্ৰদান কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।  'আত্মসন্মান আৰু মৰ্যাদাৰ সৈতে জিয়াই  থাকিবলৈ শিক্ষিত হোৱাৰ উপৰি বৃত্তিমূলক প্ৰশিক্ষন ল'ব লাগিব। অৰ্থনৈতিক স্বাধীনতাই নাৰীসকলৰ মৰ্যাদাৰ বোধ শক্তিশালী কৰি তেওঁলোকক সমাজ-জাতি নিৰ্মানৰ ক্ষেত্ৰত নেতৃত্ব দিবলৈ আত্মবিশ্বাসী কৰি তুলিব। আত্মসহায়ক গোট আৰু স্বেচ্ছাসেৱী সংস্থাসমূহে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূূমিকা পালন কৰিব লাগিব'-ভাষন প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বৰ্তমান ৰাজ্য চৰকাৰে মহিলাসকলৰ কল্যাণৰ বাবে গ্ৰহন কৰা পদক্ষেপসমূহৰ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপসমূহৰ সন্দৰ্ভত ব্যাপক সজাগতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চাহ বাগিচা অঞ্চলসমূহত মহিলাৰ শোষন ৰোধ, কিশোৰীসকলৰ পুষ্টি আৰু স্বাস্থ্যসন্মত জীৱনযাত্ৰা নিশ্চিত কৰা, ঋতুুকালীন পৰিচ্ছন্নতা আদিৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে বুলি তেওঁ লগতে দোহাৰে। আজিৰ এই সজাগতা সভাত মন্ত্ৰী নেওগৰ উপৰি সাংসদ পল্লৱ লোচন দাস, বিধায়ক কৃষ্ণ কমল তাঁতী, পৃৃথ্বীৰাজ ৰাভা, প্ৰমোদ বৰঠাকুৰ আৰু গণেশ লিম্বু আৰু মহিলা আৰু শিশু কল্যাণ সঞ্চালক বিভাষ চন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ সমান্তৰালকৈ বাগিচাৰ পৰম্পৰাগত খেল-ধেমালী আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ইয়াৰ উপৰি সভাৰ সৈতে সংগতি ৰাখি ৰক্তহীনতা পৰীক্ষণ শিৱিৰ অনুষ্ঠিত কৰাৰ লগতে শিক্ষা, সুৰক্ষা আৰু পৰিপুষ্টি বিষয়ক বাৰ্তা বুথ মুকলি কৰা হয়।উল্লেখযোগ্য যে, চাহ বাগিচা অঞ্চলত মহিলা আৰু শিশুৰ কল্যান তথা সুৰক্ষা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগে এলানি  পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশৰূপে এখন তথ্যচিত্ৰ যুগুত কৰা হৈছে। মহিলা আৰু শিশু বিকাশ বিভাগে নিৰ্মান কৰা এই তথ্যচিত্ৰখনিয়ে চাহ বাগিচা সমূহত মহিলা আৰু শিশুৰ কল্যাণ, সুৰক্ষা আৰু সৱলীকৰণৰ ক্ষেত্ৰত এক জাগৰণ আনিব বুলি আশা কৰা হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment