লখিমপুৰৰ নকাৰী হাজং গাঁৱত উত্তপ্ত পৰিস্থিতি
লখিমপুৰ,৩০ অক্টোবৰঃ লখিমপুৰৰ নকাৰী হাজং গাঁৱত যোৱানিশা এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে হাজং বস্তিৰ এৰাবাৰীৰ পিংকি শইকীয়া নামৰ মহিলা গৰাকীয়ে ৰাজু হাজং (২৮)নামৰ এজন যুৱকক বান্ধি লৈ প্ৰহাৰ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয় । ইয়াকে লৈ হাজং বস্তিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাৰ খবৰ পাই লখিমপুৰ সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও একাংশ উত্তেজিত লোকে আৰক্ষীৰ লোককো আক্ৰমণ কৰে। উত্তেজিত ৰাইজে আৰক্ষীলৈ ইটা, শিলগুটি আদি দলিওৱাত কেইবাজনো আৰক্ষীৰ লোকো আহত হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ লগতে মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰি লখিমপুৰ সদৰ থানালৈ লৈ যায়। ইপিনে যুৱক জনক মাৰপিট কৰা ঘটনাৰ সৈতে জড়িত কেইবাজনো লোক বৰ্তমানো পলাতক হৈ আছে। উল্লেখ যে পূৰ্বেও পিংকি নামৰ এই মহিলা গৰাকীয়ে আন এজন লোকক চোকা অস্ত্ৰৰে গুৰুতৰ ভাবে আঘাত কৰাৰ ঘটনা সংঘটিত কৰিছিল । ইয়াকে লৈ নিশা হাজং বস্তিত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। পৰবৰ্তী সময়ত ঘটনস্থলীত এছ পি আনন্দ মিশ্ৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

0 Comments:
Post a Comment