লখিমপুৰৰ কাৰাগাৰত কয়দীৰ আক্ৰমণত আহত কেইবাজনো কাৰাবন্দী
লখিমপুৰ,৩০ অক্টোবৰঃ লখিমপুৰ জিলা কাৰাগাৰৰ ভিতৰত যোৱানিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয় । আবুল কালাম নামৰ এজন কয়দীয়ে ভয়ংকৰভাবে আক্ৰমণ কৰে আন একাংশ কাৰাবন্দীক। হঠাৎ আবুল কালামে কৰা আক্ৰমণত গুৰুতৰভাৱে আহত হয় ক্ৰমে আব্দুল মোতালিব, ৰুহুল আমিন, আজিজুৰ ৰহমান আৰু জয়নাল আবেদিন নামৰ কাৰাবন্দী কেইজন। উল্লেখ্য যে আবুল কালাম প্ৰায় ৩ মাহ পূৰ্বে ভাতৃ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডীত হৈছিল। যোৱানিশা কয়দী আবুল কালামে শোৱাপাটীত আক্ৰমণ কৰে আন কয়দী সকলক। এই আক্ৰমণত আজিজুৰ ৰহমান গুৰুতৰ ভাবে আহত হয় আৰু মূৰত পাঁচটা চিলাই পৰিছে। আনহাতে আব্দুল মোতালিব ওৰফে চিমাইন্নাকো মূৰত শিলেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। তেওঁৰ অৱস্থা সংকটজনক। তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হৈছে বুলি জানিব পৰা গৈছে । এই সমগ্ৰ ঘটনা কাৰাগাৰ কৰ্তৃপক্ষই গোপনে ৰখাৰ সমান্তৰালকৈ আঘাতপ্ৰাপ্ত কাৰাবন্দী কেইজনৰ পৰিয়ালক অৱগত নকৰাৰ অভিযোগ কৰিছে আত্মীয়ই।

0 Comments:
Post a Comment