লখিমপুৰৰ ঘূণাসুঁতিত শিক্ষামন্ত্রীয়ে উন্মোচন জৰিলে টাবুৰাম টাইডৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তি
লখিমপুৰ,৩১ অক্টোবৰঃ অসমৰ সাহিত্য জগতৰ অন্যতম পুৰোধা ব্যক্তি ভাষাবিদ ড° টাবুৰাম টাইডে অসমীয়া সাহিত্য জগতৰ ভঁৰাল চহকী কৰি থৈ গৈছে। নিজৰ অপূৰ্ব সৃষ্টিৰাজিৰে মাজেৰে মিছিং জনগোষ্ঠীয় ৰাইজৰ ভাষা সংস্কৃতিৰ বাবেও বহুখিনি কাম কৰি গৈছে। এই গৰাকী ব্যক্তিৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে মিছিং সাহিত্য সভাই বিশেষ বাবে পদক্ষেপ লৈছে। এই উদ্দেশ্যক সৰোগত কৰিয়েই মিছিং সাহিত্য সভাৰ উদ্যোগত ৩৯ সংখ্যক মিছিং ভাষা দিৱসৰ লগত সংগতি ৰাখি ঘূণাসূতিঁৰ মিৰি জীয়ৰী মহাবিদ্যালয়ৰ প্ৰাংগনত দুদিনিয়া কাৰ্যসূচীৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু উক্ত অনুষ্ঠানতে আগম মিগাং টাবুৰাম টাইডৰ প্ৰতিমূৰ্ত্তি আজি উন্মোচন কৰা হয়। মূৰ্তি উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। প্ৰতিমূৰ্তি উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশিষ্ট শিক্ষাবিদ তথা শিক্ষা প্ৰশাসক আৰু মিছিং ভাষাক আধুনিক ভাষা হিচাপে প্ৰতিষ্ঠা কৰা টাবুৰাম টাইডৰ জন্ম ভূমিত অসম চৰকাৰে এটা পূৰ্ণবয়ব প্ৰতিমূৰ্তি নিৰ্মান কৰিছিল আৰু আজি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু মিছিং স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী পৰমানন্দ চায়েঙিয়াৰ সৈতে এই প্ৰতিমূৰ্তি আমি উন্মোচন কৰোঁ। আমি সকলোৱে তেখেতৰ আদৰ্শক জীয়াই ৰাখিব লাগিব। মিছিং সাহিত্য সভাৰ বিষয়ববীয়াৰ উপস্থিতিত তথা ভাষাবিদ গৰাকীৰ সহধৰ্মিনীয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত ঘুনাসূতিঁৰ পাৰত টাবুৰাম টাইডৰ জন্মভূমিত তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ বাবে লোৱা ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক শিক্ষামন্ত্ৰী ৰণোজে পেগুৱে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ যে এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ঘূণাসুঁতি মিৰি জীয়ৰী কলেজলৈ ১ কোটি টকাৰ ৰাজ সাহায্যৰ কথা ঘোষণা কৰে লগতে ঘূণাসুঁতিলৈ পকী পথ নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে বুলি দলং নিৰ্মান সম্পূৰ্ণ হলেই এই পকী পথ নিৰ্মান হ'ব বুলি কয়। ইপিনে নামনি সোৱণশিৰি প্ৰকল্প বন্ধ নহয় বুলি মন্তব্য কৰি সোৱণশিৰি নদীত বোৱতী পানী কমিব নোৱাৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ সোৱণশিৰিৰ নামনি অংশৰ পৰিয়াল সমূহৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে লখিমপুৰৰ পৰা ঘূণাসুঁতি সংযোগী পকী দলঙৰ কাম অহা ডিচেম্বৰৰ পৰা আৰম্ভ হয় বুলি সাংবাদিকক জানিবলৈ দিয়ে। তেওঁ ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰে কেবাখনো ভেঞ্চাৰ কলেজ চৰকাৰীকৰণৰ প্ৰচেষ্টা লৈছে বুলি মন্তব্য কৰে।

0 Comments:
Post a Comment