মুখ্যমন্ত্ৰীৰ সমষ্টিত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী


আমিনগাঁও,১২ অক্টোবৰঃ অঙ্গনাবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদত উত্তাল মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ আমিনগাঁৱৰ ৰাজপথ। প্ৰতিবাদকাৰী সকলৰ আন্দোলনৰ আজি চতুৰ্থ দিন। কামৰূপ জিলাৰ হাজাৰৰো অধিক কৰ্মী সহায়িকাই অংশ গ্ৰহণ কৰে এই প্ৰতিবাদী সমদলত।

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ বিজেপি চৰকাৰ গ' বেক, হিমন্ত বিশ্ব শৰ্মাক সুমতি দিয়ক, সমাজ কল্যাণ বিভাগ হায় হায় আদি শ্ল'গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। উল্লেখ্য যে অঙ্গনাবাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননিৰ পৰিবৰ্তে মজুৰি বৃদ্ধি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকা  আৰু মিনি কৰ্মীক ২০ অক্টোবৰৰ পূৰ্বে এককালীন সাহায্য প্ৰদান কৰা, গ্ৰেচুইটী পে' দিয়াৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবী উত্থাপনেৰে গ্ৰহন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment