মৰঙীৰ মুৰফুলনীত পথৰ দাঁতিত উদ্ধাৰ ৩৯ খন এ টি এম কাৰ্ড


গোলাঘাট,১২ অক্টোবৰঃ গোলাঘাট জিলাৰ মুৰফুলনিত আজৱ কাণ্ড। টোপোলা সহ পথৰ দাঁতিত উদ্ধাৰ ATM কাৰ্ড, আধাৰ কাৰ্ড আৰু PAN কাৰ্ড। গোলাঘাট জিলাৰ মৰঙী মৌজাৰ মুৰফুলনি ডাকঘৰৰ ঠিকনা যুক্ত পেকিং  ATM কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড এটা বেগত সুমুৱাই পেলাই দিলে পথৰ কাষৰ হাবিত।লেতেকু বস্তিৰ ঠিকনা থকা এই কাৰ্ড সমুহ গ্ৰাহকে পোৱাৰ পৰিৱৰ্তে উদ্ধাৰ হল পথৰ দাঁতিৰ হাবিত। পথৰ দাঁতিৰ এটা নলাত কেইটিমান শিশুৱে এটা মোনাত কাৰ্ড সমূহ প্ৰত্যক্ষ কৰি এজন ব্যক্তিক জনায়। উক্ত ব্যক্তিজনে প্ৰত্যক্ষ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। উক্ত বেগটোত  মুৰফুলনী ডাকঘৰ ঠিকনা থকা লেতেকুবস্তিৰ ব্যক্তি সকলৰ নামত অহা ৩৯ খন ATM কাৰ্ড, ৭খন আধাৰ কাৰ্ড,৩ খন PAN কাৰ্ড উদ্ধাৰ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত বগীজান আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হোৱাৰ পাছতে আৰক্ষীক চমজাই দিয়ে ATM কাৰ্ড সমুহ। সমগ্র ঘটনা সন্দৰ্ভত কোনো দুষ্ট চক্ৰ আৰু মুৰফুলনী ডাকঘৰৰ কৰ্মচাৰী জৰিত থকাৰ সন্দেহ কৰিছে।আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বগীজান আৰক্ষীয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment