ধুমুহা-বৰষুণৰ আশংকা : কৃত্রিম বানত স্তব্ধ মহানগৰীৰ স্বাভাৱিক জীৱন যাত্রা
গুৱাহাটী,৬ অক্টোবৰঃ বিদায় বেলাত মৌচুমীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা বাবে বিগত ৪৮ ঘণ্টাত হিমালয়ৰ পাদদেশৰ ৰাজ্য ছিকিমত ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ নামি আহিছে৷ ইফালে বংগোপ সাগৰত সৃষ্ট কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে বিগত তিনিদিন ধৰি ছিকিমসহ উত্তৰবংগ, অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত ঠাইবিশেষে গাজনী, ঢেৰেকনী ধুমুহাৰ সৈতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈ আছে৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰাৰ অনুসৰি আগন্তক প্ৰায় ৪৮ ঘণ্টা বতৰ অপৰিবৰ্তনীয় হৈ থাকিব। সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬.৫ চেণ্টিমিটাৰ বা ৬৫ মিলিমিটাৰতকৈ অধিক বৰষূণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষূণ অহা বুলি কোৱা হয়৷ সেই অনুসৰি অসমৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ বৰষূণ হৈছে গুৱাহাটী মহানগৰীত৷ গুৱাহাটীৰ ভিতৰত চানমাৰীত হোৱা বৰষুণৰ পৰিমাণ আছিল ৮ চেণ্টিমিটাৰ৷ তাৰ বাহিৰে বেচিভাগ স্থানতে ৭ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে৷ যাৰ বাবে বিগত ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীত বহু অঞ্চল বানৰ কবলত পৰাৰ লগতে দুই এঠাইত ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে। বিদায় বেলাত মৌচুমীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰাৰ বাবে ৰাজ্যৰ বেচিভাগ অঞ্চলৰে তাপমাত্ৰা স্বাভাৱিকতকৈ ২ৰ পৰা ৫ ডিগ্ৰী পৰ্যন্ত কমি গৈছে বিগত সময়ত। যাৰ বাবে ৰাইজে উৎকট গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে। কিন্তু এফালে গৰমৰ পৰা গুৱাহাটীবাসীয়ে সকাহ লাভ কৰিছে যদিও কৃত্রিম বানপানীয়ে দুৰ্ভোগ ভোগাইছে।
.jpeg)
.jpeg)
.jpeg)
0 Comments:
Post a Comment