গুৱাহাটী,১ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত পুনৰ নকল টকাৰ বিৰুদ্ধে এছ টি এফৰ অভিযান। এছ টি এফৰ অভিযানত এজন লোকসহ কেইবা লক্ষাধিক নকল নোট জব্দ কৰা হয়। জানিব পৰা মতে মঙলবাৰে নিশা মহানগৰীৰ লালমাটিৰ এখন হোটেলত এক গোপন সূত্ৰৰ পম খেদি এছ টি এফে অভিযান চলায় । এই অভিযানকালত কেইবা লক্ষাধিক টকাৰ ৫০০ টকীয়া নকল নোট জব্দ কৰা হয়। লগতে টকা বনোৱা মেচিন, প্ৰিণ্টাৰ, কাগজ আৰু বহু সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে নকল নোট ব্যৱসায়ৰ লগত জড়িত এজন লোককো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে। গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম নজৰুল মজুমদাৰ বুলি জানিব পৰা গৈছে। শিলচৰৰ পৰা আহি বিগত ১০ দিন ধৰি গুৱাহাটীৰ এখন হোটেলত বাহৰ পাতিছিল নজৰুল মজুমদাৰে। এটা বৃহৎ নকল টকা ব্যৱসায়ী চক্ৰক দিবলৈ নজৰুলে জব্দকৃত ধনখিনি আনিছিল ৷ ইতিমধ্যে অভিযানকাৰী দলটোৱে ধৃত নজৰুলক বশিষ্ঠ আৰক্ষীক গতাই দিয়ে । ঘটনাৰ সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।


0 Comments:
Post a Comment