দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা


গুৱাহাটী,২ নবেম্বৰঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা। ৩ আৰু ৪ নবেম্বৰত অসমত কটাব ভাৰতৰ চুবুৰীয়া দেশ ভূটানৰ পঞ্চমজন ৰজা জিগমে খেচাৰ নামগাৱেল ৱাংচুকে। ভূটানৰ ৰজাৰ অসম ভ্ৰমণৰ মূল লক্ষ্য হৈছে কাজিৰঙা পৰিদৰ্শন। সপত্নীক ভূটানৰ ৰজাৰ লগতে আহিব ৰাজপৰিয়ালৰ আন সদস্য। ভূটানৰ ৰজা আৰু ৰাজপৰিয়ালৰ সদস্যক ৰাজআতিথ্য দিয়াৰ বাবে যাৱতীয় সকলো প্ৰস্তুতিৰে সাজু হৈছে অসম চৰকাৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহিবলগীয়া ভূটানৰ ৰজাৰ লগতে ৰাজপৰিয়ালৰ সদস্যক আদৰিবলৈ এতিয়া কাজিৰঙাত দিনে-নিশাই চলিছে প্রস্তুতি। বোকাখাতৰ মহকুমাধিপতি চিমি কৰণে জানিবলৈ দিয়া মতে ভূটানৰ ৰজাৰ কাজিৰঙা আগমন সম্পূর্ণ ব্যক্তিগত। গতিকে এতিয়ালৈকে কোনো কথা থিৰাং হোৱা নাই। জানিব পৰা মতে ভূটানৰ ৰজাৰ সৈতে ২৫টা পৰিয়াল কাজিৰঙালৈ আহিব। ৰজা জিগমেৰ সৈতে ৰাজ পৰিয়ালৰ সদস্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু এলিফেণ্ট ছাফাৰী কৰিব। ৰজাৰ সৈতে কাজিৰঙালৈ আহিবলগীয়া ২৫টা পৰিয়ালৰ বাবে ইতিমধ্যে কাজিৰঙাৰ কেইবাখনো পর্যটন নিবাস আগতীয়াকৈ সংৰক্ষণ কৰা হৈছে। উল্লেখযোগ্য যে ভূটানৰ ৰজাই ৰাত্রি যাপন কৰিবলগা কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত ব্যক্তিগত পর্যটন নিৱাস ইতিমধ্যে ৰং-তেল সানি মেৰামতি কৰি সজাই পৰাই তুলিছে। ৰজাক আকৰ্ষিত কৰিবলৈ বৌদ্ধ ধৰ্মৰ বাণী লিখা ৰঙা-নীলা বিভিন্ন ৰঙৰ পতাকা আঁৰি দিয়া পৰিলক্ষিত হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment