আৰক্ষীৰ ব্যৰ্থতা : জামিন পালে গুৱাহাটীৰ ডাৱল মাৰ্ডাৰ কেছৰ মূল অভিযুক্ত বন্দনা কলিতাই


গুৱাহাটী,১০ নবেম্বৰঃ অসম আৰক্ষীৰ ব্যৰ্থতাৰ বাবে সমগ্ৰ দেশ জোকাৰি যোৱা গুৱাহাটীৰ চাঞ্চল্যকৰ ডাৱল মাৰ্ডাৰ কেছৰ মূল অভিযুক্ত বন্দনা কলিতাই লাভ কৰিলে জামিন। উল্লেখ্য যে ২০২২ চনৰ আগষ্ট মাহত সংঘটিত হোৱা এই ঘটনা পোহৰলৈ অহাৰ পাছতে অসম আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি এই হত্যাকাণ্ডৰ সকলো তথ্য পোহৰলৈ আনিছিল। শ্বিলং-চেৰাপুঞ্জী পথৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিছিল বন্দনা কলিতাৰ নৃশংসতাৰ স্বীকাৰ হোৱা স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে'ৰ মৃতদেহৰ ভিন্ন টুকুৰা। ইয়াৰোপৰি ক্ৰমান্বয়ে উদ্ধাৰ হৈছিল হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা, কাপোৰ তথা অন্যান্য সামগ্ৰী। বন্দনা কলিতাই সংঘটিত কৰা এই হত্যাকাণ্ডৰ অন্যতম সহযোগী আছিল তেওঁৰ প্ৰেমিক ধনটি ডেকা আৰু অৰূপ ডেকা। এই দুই অভিযুক্তয়ো জামিন লাভ কৰিছে। কিছু দিন পূৰ্বে অৰূপ কুমাৰ ডেকাই জামিন লাভ কৰিছিল। শেহতীয়াকৈ বন্দনা কলিতাৰ সৈতে ধনটি ডেকায়ো জামিন লাভ কৰিছে। উল্লেখ্য যে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰিও এইদৰে জামিন লাভৰ আঁৰত অসম আৰক্ষীৰ চৰম ব্যৰ্থতা বুলি জানিব পৰা গৈছে। কিয়নো বন্দনা কলিতাৰ বিৰুদ্ধে তদন্তকাৰী বিষয়াই শক্তিশালী চাৰ্জশ্বিট দাখিলত ব্যৰ্থ হৈছে। অসম আৰক্ষীৰ শীৰ্ষ নেতৃত্বই বন্দনা কলিতাৰ বিৰুদ্ধে শক্তিশালী চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি সেই সময়ত মন্তব্য কৰিছিল যদিও তেনে শক্তিশালী চাৰ্জশ্বিট দাখিলত ব্যৰ্থ হয়। ২০২৩ ৰ ১২ মে'ত এই হত্যাকাণ্ড সন্দৰ্ভত তদন্তকাৰী বিষয়াগৰাকীয়ে এখন আংশিক চাৰ্জশ্বিট দাখিল কৰিছিল যদিও পূৰ্ণাংগ চাৰ্জশ্বিট দাখিলত ব্যৰ্থ হয়। ফলত কামৰূপ জিলা সত্ৰ ন্যায়াধীশে চৰ্ত সাপেক্ষে তেওঁক জামিন প্ৰদান কৰে। সেই অনুসৰি সপ্তাহত দুটাকৈ দিনত আহি তেওঁ নুুনমাটী আৰক্ষী থানাত হাজিৰ হ'ব লাগিব। গুৱাহাটীৰ বাহিৰলৈ যাব নোৱাৰিব। যদি কোনো কাৰণত অসমৰ বাহিৰলৈ যাবলগীয়া হয় তেন্তে ন্যায়ালয়ৰ পৰা অনুমতি ল'ব লাগিব। এনদৰে চৰ্ত সাপেক্ষে জামিন লাভ কৰা বন্দনা দুই-এদিনতে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment