পুনৰ ডাইনীৰ নামত হত্যাকাণ্ড : মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া


কোকৰাঝাৰ,১৩ নৱেম্বৰঃ পুনৰ ৰাজ্যত নিৰীহক ডাইনী সজাই হত্যা। গোসাইগাঁৱত ডাইনীৰ নামত হত্যা কৰা হৈছে এগৰাকী মহিলাক। গোসাইগাঁৱৰ তুলসীবিল থানাৰ অন্তৰ্গত ভোগঝৰা সহৰপুৰ গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। হত্যাৰ বলি হৈছে মাৰ্ছিলা মুৰ্মূ নামৰ এগৰাকী নিৰীহ মহিলা। মহিলাগৰাকী সহৰপুৰ নামৰ অঞ্চলৰ  বাসিন্দা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এই হত্যাৰ সৈতে জড়িত লোকজনক ইতিমধ্যে  ৰাইজে কৰায়ত্ত কৰিছে। অভিযুক্তজন ২ নম্বৰ ফুলকুমাৰী গাঁৱৰ লক্ষ্ণ টুডু বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে লক্ষ্ণ টুডুৱে ইতিমধ্যে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। অভিযুক্ত লক্ষ্ণ টুডুৱে মহিলাগৰাকীৰ সৈতে সুৰাপান কৰি তেওঁক নিচাসক্ত অৱস্থাত এই হত্যাকাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত চলায় আছে। উল্লেখযোগ্য যে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ আগশাৰীৰ অন্ধবিশ্বাস বিৰোধী নেতা, অসমৰ অন্ধবিশ্বাস তথা ডাইনী কাণ্ড প্রতিৰোধী আইনৰ অন্যতম হোতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ  দিব্যজ্যোতি শইকীয়াই। ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে পূৰ্ববৰ তুলনাত অসমত ডাইনীৰ নামত হত্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে যদিও এতিয়াও এনে ঘটনা সংঘটিত হোৱা উচিত নহয় বুলি তেওঁ উল্লেখ কৰে। প্ৰকৃত গুণগত শিক্ষাৰ অভাৱৰ লগতে চৰকাৰে উপযুক্ত সজাগতা কাৰ্যসূচী ৰূপায়ণ নকৰাৰ ফলত এতিয়াও এনে বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে বুলি তেওঁ উল্লেখ কৰে। ডঃ শইকীয়াই  অচিৰেই দোষীক বিচাৰি আইনী প্ৰক্ৰিয়াৰে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ  চৰকাৰ তথা স্থানীয় প্ৰশাসনক দাবী জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment