ষট পূজা সমিতিলৈ জিলা প্ৰশাসনৰ কেবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা


গুৱাহাটী,৮ নৱেম্বৰঃ কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত ষট পূজা উদযাপন সন্দৰ্ভত আলোচনাৰ বাবে আজি এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা আয়ুক্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত ষট পূজা উদযাপন সন্দৰ্ভত কেবাটাও নিৰ্দেশনা দিয়া হয়৷ সেই অনুসৰি পূজা সমিতিসমূহে ষট পূজাৰ ঘাটৰ বাবে সংশ্লিষ্ট এলেকাৰ আৰক্ষী থানাৰ পৰা অনুমতি ল'ব লাগিব, কোনো বিপদজনক ঘাট পূজাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব, সকলো ঘাটত চি চি কেমেৰা লগাব লাগিব, ঘাটসমূহ পৰ্যাপ্ত পোহৰেৰে আলোকিত কৰিব লাগিব, পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব, পূজাৰ ঘাটৰ নামত কোনো ধৰণৰ বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব, পূজাৰ বাবে দিয়া মণ্ডপসমূহৰ বাবে ফিটনেছ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব লাগিব, উচ্চ প্ৰাৱল্যৰ কোনো ধৰণৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব, নিশা ১০ বজাৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠান শেষ কৰিব লাগিব, পূজাস্থলীত যাতে সুৰা বা অন্য নিচাজাতীয় সামগ্ৰী কোনেও সেৱন নকৰে বা সেৱন কৰি প্ৰৱেশ নকৰে স্বেচ্ছাসেৱকৰ জৰিয়তে সেই বিষয়ত চকু ৰাখিব লাগিব৷ অটো ভানৰ দৰে লঘু বাহনত ভক্ত কঢ়িওৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা থাকিব৷ অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সদৰি কৰে যে নিৰ্দেশনাসমূহ মানি চলাতো নিশ্চিত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা ঘাটসমূহ পৰিদৰ্শন কৰা হ'ব আৰু ফ্লায়িং স্কোৱাৰ্ড মোতায়েন কৰা হ'ব৷ তেওঁ সদৰি কৰে যে ষট পূজাৰ সময়ত ক্লাষ্টাৰ ভিত্তিত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ জোৱান, এম্বুলেন্স, অগ্নি নিৰ্বাপক গাড়ীৰ ব্যৱস্থা ৰখা হ'ব৷ তেওঁ সকলোকে প্ৰশাসনৰ নিৰ্দেশনা মানি শান্তিপূৰ্ণভাৱে পূজা আগবঢ়াবলৈ আহ্বান জনায়৷ বৈঠকত কেবাগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া, চক্ৰ বিষয়াসকল, পৌৰ নিগমকে ধৰি বিভিন্ন বিভাগৰ বিষয়া আৰু ষট পূজা সমিতিৰ বিষয়ববীয়কসকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment