দালালি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা : ধন সংগ্ৰহৰ অভিযোগ লখিমপুৰ জিলা সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ কেৰামত আলিৰ বিৰুদ্ধে


লখিমপুৰ,১৪ নৱেম্বৰঃ জলজীৱন মিছন আঁচনিৰ ঠিকাৰ আবণ্টনৰ লগতে বিভিন্ন আঁচনিৰ ঠিকাৰ আবন্টনৰ নামত কোটিৰো অধিক টকা সংগ্ৰহ কৰি প্ৰতাৰণা কৰাৰ অভিযোগত আজি লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিজেপি নেতা তথা লখিমপুৰ জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ কেৰামত আলিক। দালালি কৰি ৰঙাঘৰৰ আলহী হোৱা বিজেপি নেতাজনক যোৱানিশা লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা আটক কৰে। জানিব পৰা মতে লখিমপুৰ জিলাৰ বিহপুৰীয়া গোহাঁইদলনীৰ ৰচিদুল ইছলাম নামৰ এজন লোকে লখিমপুৰ সদৰ থানত তৰা গোচৰ অনুসৰি লখিমপুৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ নাম লৈ বিশেষকৈ লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়কৰ নামলৈ ২২জন ব্যক্তিৰ পৰা ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা জলজীৱন মিছনৰ কামৰ ঠিকা আবন্টন দিয়াৰ নামত ১ কোটিৰো অধিক টকা লোৱাৰ অভিযোগ আছে। এজাহাৰত ৰচিদুল ইছলামে উক্ত বৃহৎ পৰিমাণৰ ধন বিভিন্ন লোকৰ পৰা লোৱাৰ বিপৰীতে আজিলৈকে কাকো কোনো ধৰণৰ কামৰ আবন্টন দিয়া নাই বুলি অভিযোগ কৰিছে। অভিযোগ অনুসৰি কেৰামত আলিয়ে বিভিন্ন প্ৰলোভন, ঠগ প্ৰবঞ্চনাৰে, প্ৰতাৰণাৰে ধন আত্মসাত কৰে । ধন বিচাৰি কোনো লোকে কেৰামত আলিৰ ঘৰলৈ গ'লে দাবী ধমকি দি খেদি পঠিওৱাৰ লগতে নানান অশ্লীল গালি গালাজ কৰে বুলিও এজাহাৰত উল্লেখ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে কেৰামত আলি নামৰ ব্যক্তি জনে মন্ত্ৰী, এম এল এৰ নামত ধন সংগ্ৰহ কৰি আহিছে। এই কাৰ্যত আৰু বহু লোক জড়িত আছে । এই সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান চলি আছে বুলি আৰক্ষীয়ে উল্লেখ কৰে আৰু কোটিৰ ওপৰত ধন সংগ্ৰহ কৰে বুলি অভিযোগ আহিছে । এই সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানত কেচ নং-  400/2023 ৰ অধীনত 120(B) 420/406/294/506 IPC ত এটি গোচৰ পঞ্জীয়ন হৈছে আৰু কেৰামত আলিক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment