লখিমপুৰত পৃথকে পৃথকে কংগ্ৰেছ আৰু বিজেপিৰ যোগদান কাৰ্যসূচী


লখিমপুৰ,১৫ নৱেম্বৰঃ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত শক্তি প্ৰদৰ্শনৰ যুঁজ আৰম্ভ হৈছে। প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে দলীয় যোগদান কাৰ্য্যসূচী। ইয়াৰে প্ৰমান পোৱা গ'ল  লখিমপুৰ জিলাৰ ৰঙানদী বিধানসভা সমষ্টি আৰু লখিমপুৰ বিধানসভা সমষ্টিত। আজি দুয়োটা সমষ্টিতে কংগ্ৰেছ আৰু বিজেপি দলে পৃথকে পৃথকে কৰা যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে। আজি ৰঙানদী সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী পৱন সিং ঘাটোৱাৰৰ উপস্থিতিত  কংগ্ৰেছত যোগদান কৰিলে ১৩০জন বিজেপি আৰু অগপ কৰ্মীয়ে। কংগ্ৰেছ দলত যোগদান কৰিলে বিজেপিৰ  লখিমপুৰ জিলা সমিতিৰ আইন কোষৰ আহ্বায়ক হৰেন শৰ্মাসহ ভালে সংখ্যক বিজেপি আৰু অগপ কৰ্মীয়ে।যোগদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কয় যে অসমত যিমান বিজেপি বিৰোধী ৰাজনৈতিক, সামাজিক বিভিন্ন সংগঠন-অনুষ্ঠান আছে আমি সকলোকে একত্ৰিত হ'বৰ বাবে আহ্বান জনাই আহিছো। এই কাৰ্যসূচী ধাৰাবাহিক ভাবে চলি থাকিব। তেওঁ বিজেপিক সমালোচনা কৰি কয় যে যি সকলে মানুহৰ মূল্য কোটি টকা দিব পৰা হৈছে সেই সকলে সাধাৰণ মানুহখিনিক ১২০০ টকা কিয় দি আছে। আমিতো বেলেগ বেলেগ ৰাজ্যত ৫০০ টকাত গেছ ছিলিণ্ডাৰ দি আছো, ২০০ ইউনিত বিজুলী বিনামূলীয়াকৈ দি আছো। তেওঁ কয় যে তেওঁ দিব বিচৰা ২৫ কোটি টকাটোৰে চাহ শ্ৰমিকৰ মজুৰীটোকে বঢ়াই দিয়ক, গেছ ছিলিণ্ডাৰ ৫০০ টকাকৈ বিনামূলীয়াকৈ দিয়ক। বিজেপিয়ে এই কাৰ্যসূচীবোৰ কিয় নকৰে আৰু বিজেপিৰ এই টকাৰ উৎসটো কি বুলি তেওঁ প্ৰশ্ন কৰে।  বদৰুদ্দিন আজমলৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে এই গোটেই কাৰুকাৰ্যত  মুখ্যমন্ত্ৰীৰ অৰিহণা আছে আৰু দিহা পৰামৰ্শ আছে। মুখ্যমন্ত্ৰীৰ আশীৰ্বাদৰ হাতখন বদৰুদ্দিন আজমলৰ মূৰৰ ওপৰত আছে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই অসমীয়াত্ব আৰু হিন্দুত্বৰ মাজত আজি সংঘাতৰ সৃষ্টি হৈছে। ধৃতৰাষ্টৰ দৰে বিজেপিয়ে সংবাদ মাধ্যমক হত্যা কৰাৰ চেষ্টা কৰিছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ কয় যে অসমত কংগ্রেছ চৰকাৰ হ'লে চিলিণ্ডাৰ দাম ৫০০ টকা হ'ব। অসমৰ কৰ্মচাৰীৰ পেঞ্চনৰ ব্যবস্থা কৰিব। অসমৰ লখিমপুৰ জিলাৰ ৫ খন বিধানসভা সমষ্টিত জয়ী হৈ অসমত কংগ্রেছে চৰকাৰ গঠন কৰি বুলি দাবী কৰে। ইফালে যি সকলে তেওঁক ২৫ কোটি টকাত কিনিব বিছাৰে কংগ্রেছ চৰকাৰ শাসনলে আহিলে সেই সকলক আইনৰ ব্যবস্থাৰে বিহিত ব্যবস্থা গ্রহণ কৰা হ'ব বুলিও তেওঁ সকীয়নী দিয়ে। সম্প্ৰতি ডাৱল ইঞ্জিন বিকল হ'ব, ডাৱল ইঞ্জিনৰ চাবি বন্ধ কৰি ২০২৬ত অসমৰ ৰাইজে কংগ্রেছ চৰকাৰ সমৰ্থন কৰিব। তেওঁ কয় যে দেশত প্ৰচণ্ড ধুমুহা আহিব তিনি ডিচেম্বৰত। ইয়াৰ বাবে ৰাইজে অপেক্ষা কৰিব লাগিব তিনি ডিচেম্বৰলৈ। বিজেপিয়ে যি প্ৰতাৰণা কৰিছে তাৰ ফল মধ্যপ্ৰদেশ, ছত্তিশগড় আদি ৰাজ্যৰ নির্বাচনী ফলাফলে দেখুৱাব। এই আটাইকেইখন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি তেওঁ কয়।

ইফালে আজি লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৈদামীয়াত অৱস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগতো এক যোগদান কার্যসূচী অনুষ্ঠিত হয়। উক্ত যোগদান কাৰ্যসূচীত বিধায়ক মানৱ ডেকা, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱা , ৰাজ্যিক সাধাৰণ সম্পাদক ত্ৰিদীপ জ্যোতি মৰাং, ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলা সভাপতি ফণীধৰ বৰুৱা, যুৱ মৰ্চাৰ জিলা সভাপতি পিযুষ বৰুৱা আদিয়ে অংশ গ্ৰহণ কৰে। যোগদান কাৰ্যসূচীত সাত শতাধিক যুৱক-যুৱতীয়ে বিজেপিত যোগদান কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment