লখিমপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
লখিমপুৰ,১৬ নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে লখিমপুৰতো আজি লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস জিলা জনসংযোগ বিষয়াৰ কাৰ্যলয়ত উদযাপন কৰা হয়। প্ৰেছ দিৱসত লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা অংশ গ্ৰহণ কৰে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই। অনুষ্ঠানত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ সভাপতি কুমুদ বৰুৱা আৰু জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক মুকুল ভূঞাই অংশ গ্ৰহণ কৰি প্ৰেছ দিৱসৰ আলোচ্য বিষয়ত বক্তব্য ৰাখে। জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়াই আঁত ধৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰি সাংবাদিক ৰঞ্জিত কাকতিয়ে "কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম" শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়াই কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে মানুহৰ মগজুৰ ক্ষমতাক অতিক্ৰম কৰি মানৱ সমাজত নতুন নতুন সমস্যাৰ সৃষ্টি কৰাৰ প্ৰৱল সম্ভাৱনা আহি পৰিছে। এই ক্ষেত্ৰত মানুহৰ মৌলিক চিন্তাশক্তি আৰু সৃজনীশীলতাত প্ৰভাৱ পৰিব। তদুপৰি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে মানুহৰ কামৰ ক্ষেত্ৰখন সংকুচিত কৰিব আৰু সমাজত নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিব। কৃত্ৰিম বুদ্ধিমত্তাৰ যোগেদি সকলো কাম-কাজ ৰবট-কম্পিউটাৰে কৰাৰ ফলত চাকৰিত মানুহৰ প্ৰয়োজন নোহোৱা হৈ আহিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ ফলত ই এক বৃহৎ বিপদ হিচাপে পৰিগণিত হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ যিমানেই বিকাশ সাধন হৈ গৈ থাকিব তাৰ বিপৰীতে নিবনুৱা সমস্যা সিমানেই বৃদ্ধি হৈ গৈ থাকিব। কৃত্ৰিম বুদ্ধিমত্তাৰ অবাধ প্ৰয়োগে ব্যৱসায়িক দিশত অৰিহণা যোগাব ঠিকেই কিন্তু ই আটাইতকৈ বেছি ঋণাত্মক প্ৰভাৱ পেলাব সমাজ তথা মানুহৰ আবেগিক, নৈতিক আৰু প্ৰমূল্যবোধৰ ওপৰত। কিয়নো কৃত্ৰিম বুদ্ধিমত্তাৰ আৱেগ নাই। কৃত্ৰিম বুদ্ধিমত্তাই কাম-কাজ সুচাৰুৰূপে, খৰকৈ কৰাৰ বিপৰীতে মানুহৰ সৈতে সকলো বিষয়ৰ কথা ভাগ-বতৰা বা বুজিবলৈ সমৰ্থ নহয় বুলি তেওঁ কয়। অনুষ্ঠানত জিলাখনৰ ভাকেইগৰাকী সাংবাদিক উপস্থিত থাকে।

0 Comments:
Post a Comment