গুৱাহাটী,২ অক্টোবৰঃ আলফা স্বাধীনত মৃত্যুদণ্ড বিহাৰ বহুকেইটা ঘটনা সংঘটিত হোৱাৰ পাছতো বহু যুৱকে আলফা স্বাধীনৰ প্ৰতি আকৰ্ষিত হোৱা ঘটনাই স্বাভাৱিকতেই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। কিহৰ বাবে নৱপ্ৰজন্মৰ একাংশ আলফা স্বাধীনৰ প্ৰতি আকৃষ্ট হৈছে যোগদান কৰিছে। যি সময়ত আলফা স্বাধীনত বহু কেইজন সদস্যক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে সেই সময়ত একাংশ যুৱকে আলফা স্বাধীনত যোগদান কৰিছে। শেহতীয়াকৈ আলফা স্বাধীনত যোগদান কৰে বৰপথাৰ মৰাণগাঁৱৰ এজন যুৱকে। ২৮ বছৰীয়া টেঙাহোলাৰ মানস বৰগোহাঁই নামৰ যুৱকজনে আলফাত যোগদান কৰাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। বহু বছৰ ধৰি ঘৰৰ পৰা আঁতৰত থাকি গুৱাহাটীত বসবাস কৰিছিল মানসে। আলফা স্বাধীনত যোগদান কৰাৰ কথা তেওঁ সামাজিক মাধ্যম যোগে সদৰি কৰিছে। এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত আপলোড কৰিছে এটা ভিডিঅ'। সামজিক মাধ্যম যোগে এই কথা অৱগত হোৱাৰ পিছতে দুখত ভাগি পৰিছে মানস বৰগোঁহাইৰ পিতৃ-মাতৃ। পূৰ্বতেও আলফা স্বাধীনত যোগদান কৰিম বুলি ফেচবুকত পোষ্ট কৰি সংবাদ শিৰোনামা দখল কৰিছিল মানসে। মানস য'তে আছে ভালে থকাৰ লগতে পৰেশ বৰুৱাই যাতে লৰাটোক কোনো শাস্তি প্ৰদান নকৰে তাৰ বাবে আহ্বান জনাইছে পিতৃ-মাতৃয়ে। লক্ষণীয় বিষয় যুৱকজনে ৰুগীয়া পিতৃ-মাতৃক এৰি সুদীৰ্ঘ সময় বাহিৰত থকাৰ পাছত হঠাতে আলফা স্বাধীনত যোগদান কৰাক লৈ ৰহস্য ঘনীভূত হৈছে। জানিব পৰা মতে যুৱকজনৰ গতিবিধিও সন্তুোষজনক নহয়। যুৱকজনৰ বিৰুদ্ধে আছে বিভিন্ন অভিযোগ। পৰিয়ালৰ প্ৰতি দায়িত্ববোধ নথকা এজন যুৱকে কিহৰ স্বাৰ্থত আলফালৈ গৈ তাক লৈ বহুতৰে প্ৰশ্ন হৈছে। ইফালে সমাজ ব্যৱস্থাটোৰ পৰা আঁতৰত থকা তথা বিভিন্ন অভিযোগ থকা একাংশ যুৱকক লৈ আলফা স্বাধীনে কিহৰ সপোন দেখিছে বুলিও বহুজনে প্ৰশ্ন উত্থাপন কৰিছে। শেহতীয়াকৈ একাংশ যুৱকে নিজৰ কেতবোৰ স্বাৰ্থ সিদ্ধিৰ বাবে আলফা স্বাধীনত যোগদান কৰাৰ কথা মুকলিকৈ চৰ্চালৈ আহিছে। যিসকলৰ বাবে জাতি-মাটি তথা জাতীয় আবেগক লৈ কোনো ধৰণৰ অনুভূতি নাই। কাৰণ আলফা স্বাধীনত যোগদান কৰা বহুতৰে পূৰ্বৰ ৰেকৰ্ড ভাল নহয়। নেতিবাচক চিন্তাধাৰাৰ বহু যুৱকে আশ্ৰয়ৰ স্থল হিচাপে বাচি লৈছে আলফা স্বাধীনক। অৱশ্যে যাৰ পৰিণামো ভোগ কৰিবলগীয়া হৈছে সংগঠনটোৱে। এনে কেতবোৰ যুৱকৰ বাবেই সংগঠনটোত দেখা দিছে অস্থিৰতাই। কোনো লক্ষ্য আৰু উদ্দেশ্য নোহোৱাকৈ কেৱল মাথো স্বাৰ্থসিদ্ধিৰ বাবেহে একাংশ যুৱকে অলফা স্বাধীনলৈ গমন কৰা শেহতীয়াকৈ পৰিলক্ষিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আলফা স্বাধীনক লৈয়ো বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল।
আলফা স্বাধীনলৈ কি উদ্দেশ্যৰে ধাবমান হৈছে একাংশ যুৱক-যুৱতী !

.jpeg)
0 Comments:
Post a Comment