কংগ্ৰেছ দলত বিভিন্ন দল সংগঠনৰ দুই শতাধিক সদস্যৰ যোগদান



গুৱাহাটী,২১ নৱেম্বৰঃ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ আজি বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় ২০০ নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। যোগদান সভাৰ আঁত ধৰে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) দেৱজিত ডেকাই।  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি নৱজ্যোতি তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন বিশেষ সভাত বিজেপি, আপ, তৃণমূল কংগ্ৰেছ, আৰ এছ এছ, বজৰং দল, অটল সেনা, ৰাম সেনা, হিন্দু জাগৰণ মঞ্চৰ পৰা প্ৰায় দুই শতাধিক নেতা কৰ্মীয়ে উক্ত যোগদান কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে। কংগ্ৰেছ দললৈ অহা নৱাগত সকলক কংগ্ৰেছ দলৰ উপ-সভানেত্ৰী ববিতা শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ সভাপতি দীপ বায়ন, জ্যেষ্ঠ মুখপাত্ৰ  ৰমেন কুমাৰ বৰঠাকুৰ আৰু নিখিল ভাৰত কংগ্ৰেছৰ নেতা ক্ষিতিজ আদ্যলকাৰে আদৰণি জনায়। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment