পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছত আম আদমি পাৰ্টীৰ সমিতি গঠন


হাওৰাঘাট,১৯ নৱেম্বৰঃ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক  দলে কুচ-কাৱাজ আৰম্ভ কৰাৰ সমান্তৰালকৈ আম আদমি পাৰ্টীয়েও কঁকালত মাৰ বান্ধি থিয় দিয়া পৰিলক্ষিত হৈছে। সেই লৈ শনিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছস্থিত ভূমি সংৰক্ষণ পৰিদৰ্শন বাংলোত আম আদমি পাৰ্টীৰ এক আনুষ্ঠানিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ সদ্য বিভক্ত বৈঠালাংছ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংখাং আৰু আমৰি সমষ্টিত আম আদমি পাৰ্টীৰ জন সমৰ্থন বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে  অনুষ্ঠিত কৰা উক্ত সভাত আপৰ কাৰ্বি আংলং জিলা সমিতিৰ উপ-সভাপতি ফুদিং টেৰাংৰ লগতে অন্যান্য দলীয় নেতৃত্ব সকলো উপস্থিত থাকে। আনহাতে আম আদমি পাৰ্টীৰ লগত অতীজৰে পৰা সক্ৰীয়ভাৱে জড়িত থকা পশ্চিম কাৰ্বি আংলং জিলাৰ টেনজিং কাঠাৰ আৰু ৱেনচিষ্টাৰ ইংতিৰ আহ্বান ক্ৰমে অনুষ্ঠিত কৰা উক্ত সভাত আপৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতি গঠন কৰাৰ উপৰি নতুন সদস্য যোগদানৰ কাৰ্য্যসূচীও অনুষ্ঠিত কৰা হয় বুলি আম আদমি পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক কাৰ্তিক বেয়ে জানিবলৈ দিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment