ইউনিচেফৰ বিষয়ববীয়াৰে বৈঠক বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ



গুৱাহাটী,২১ নৱেম্বৰঃ ইউনিচেফ অসমৰ এটা দলে আজি জনতা ভৱনত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্যালয়ত সাক্ষাৎ কৰি জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ বিৰূপ প্ৰভাৱৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। ইউনিচেফৰ দলটোৰ লগত অহা বানাক্ৰান্ত মাজুলী, লখিমপুৰ, ধেমাজি, কাছাৰ আৰু ডিব্ৰুগড় জিলাৰ ৭ গৰাকী শিশু পৰিৱেশ কৰ্মীয়েও বনমন্ত্ৰী গৰাকীৰ সৈতে মত বিনিময় কৰে। শিশু পৰিৱেশ কৰ্মীসকলে তেওঁলোকৰ অভিজ্ঞতা, জলবায়ু পৰিৱৰ্তনৰ ফলত তেওঁলোকৰ জীৱনত পৰা প্ৰভাৱ আৰু তেওঁলোকৰ প্ৰতিকুল প্ৰাকৃতিক পৰিৱেশৰ লগত সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰে। তেওঁলোকে গ্ৰামসভাৰ সৈতে বানপানীৰ সমস্যাৰ সমাধান বিচাৰি কেনেকৈ কাম কৰি আছে আৰু পৰিৱেশ সুৰক্ষাৰ বাবে চেষ্টা কৰিছে সেই বিষয়ে অৱগত কৰে। প্ৰতি বছৰে বিধ্বংসী বানপানীয়ে বাৰিষাৰ সময়ত বিদ্যালয়লৈ যোৱাত কিমান অসুবিধাৰ সৃষ্টি কৰে, সেই অঞ্চলত ওখ ভেটিৰ ওপৰত নিৰ্মিত পথৰ প্ৰয়োজনীয়তা, পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা, চৰকাৰী বিদ্যালয়ত কন্যা ছাত্ৰীৰ বাবে শৌচাগাৰ নিৰ্মাণ ইত্যাদি আদি বিষয় উত্থাপন কৰে। প্ৰতিগৰাকী শিশুৱে নিজ জীৱনৰ লক্ষ্য আৰু আকাংক্ষাৰ বিষয়ে মত প্ৰকাশ কৰে। বনমন্ত্ৰী গৰাকীয়ে শিশু কৰ্মীসকলক তেওঁলোকৰ প্ৰতিকূলতাক নেওচি সপোন পূৰণৰ উদ্যমৰ বাবে আৰু লগতে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ দিশত অৱদানৰ বাবে শলাগ লয়। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰি উলিয়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ বাবে ইউনিচেফৰ দৰে অংশীদাৰৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি যাব। তেওঁ ইউনিচেফৰ দলটোক তেওঁলোকৰ পৰামৰ্শ সম্বলিত এখন পত্ৰ ৰাজ্য চৰকাৰলৈ লিখিবলৈ আহ্বান জনায় আৰু ইয়াৰ আধাৰত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলো অংশীদাৰৰ সৈতে এক উমৈহতীয়া মঞ্চ গঠনৰ চেষ্টা কৰা হ’ব বুলি কয়। ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী শিশু সকল প্ৰভাৱিত হোৱা জলবায়ু পৰিৱৰ্তনৰ বিষয়সমূহ যাতে ৰাজ্যিক জলবায়ু পৰিৱৰ্তন পৰিকল্পনাত সন্নিৱিষ্ট কৰিব পৰা যায় তাৰ বাবে প্ৰচেষ্টা লোৱা হ’ব বুলি বনমন্ত্ৰী গৰাকীয়ে আশ্বাস দিয়ে। বিদ্যালয়ৰ পাঠ্যপুথিত বন আৰু পৰিৱেশ সুৰক্ষাক অন্তৰ্ভুক্ত কৰাৰ বাবে শিক্ষা বিভাগৰ সৈতে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। ইউনিচেফ অসমৰ মুৰব্বী ড০ মধুলিকা জোনাথন প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকল আজিৰ সভাত উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment