লখিমপুৰত স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিন, ১৩ গৰাকী বিষয়াই কৰিলে মূল্যায়ন


লখিমপুৰ,২২ নৱেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা স্বাস্থ্য সেৱা উৎসৱৰ আজি  তৃতীয় দিন। আজি জিলাখনৰ হাৰমতী ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, কেঙামৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, ইছলামপুৰ ৰাজ্যিক চিকিৎসালয়, ঘাৰমৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্র, দৰ্গে নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্র, ভোলাবৰী নতুন প্রাথমিক স্বাস্থ্য কেন্দ্র, বকুলগুৰী নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, উত্তৰ লক্ষীমপুৰ নগৰীয়া কেন্দ্ৰ, কেকুৰী বেবেজীয়া ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, ফুলবাৰী নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জেংৰাই শিঙিমাৰী নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্রত মূল্যায়ণ অনুষ্ঠিত হয়। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ১৩ গৰাকী চিকিৎসকৰ লগতে লখিমপুৰ জিলাৰ পৰ্যায়ৰ ১৩ গৰাকী বিষয়াই সফলতাৰে মূল্যায়ণ কাৰ্য সমাপন কৰে। তদুপৰি বহীঃমূল্যায়ণকাৰী হিচাপে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক  মানৱ ডেকাই ঘাৰমৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই ইছলামপুৰ ৰাজ্যিক চিকিৎসালয়ত বহিঃমূল্যায়ণকাৰীৰ ভূমিকা পালন কৰে। ইয়াৰোপৰি বহীঃমূল্যায়ণকাৰী হিচাপে ক্ৰমান্বয়ে চৈয়দ মহম্মদ জাহিদ ক্ৰিষ্টি (অতিৰিক্ত সচিব, শক্তি বিভাগ), ধৰ্ম্মকান্ত মিলি (অতিৰিক্ত সচিব, জনস্বাস্থ্য কাৰিকৰী বিভাগ), ভূপেন চন্দ্র দাস (যুটীয়া সচিব, জনজাতি কল্যাণ বিভাগ),আনন্দ্ৰ মিশ্র (আৰক্ষী অধীক্ষক, লখিমপুৰ জিলা), জয়ন্ত বৰুৱা (অতিৰিক্ত আৰক্ষী অধীক্ষক, লখিমপুৰ জিলা), লৱকান্ত ডেকা (অতিৰিক্ত আৰক্ষী অধীক্ষক, লখিমপুৰ জিলা), মুনীন্দ্ৰ নাথ দেউৰী (অতিৰিক্ত আৰক্ষী অধীক্ষক, লখিমপুৰ জিলা)য়ে চিকিৎসালয় পৰিদৰ্শন কৰে। লখিমপুৰ জিলাত বিগত তিনিদিনত ৩৯ খন চিকিৎসালয়ত সফলতাৰে স্বাস্থ্য সেৱা উৎসৱৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হৈ যায় বুলি জানিবলৈ দিয়ে জিলা স্বাস্থ্য বিভাগে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment