লখিমপুৰত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট
লখিমপুৰ,২২ নৱেম্বৰঃ সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ লখিমপুৰ খণ্ড সমিতিৰ উদ্যোগত আজি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়। স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত শিক্ষক সকলক নিয়মীয়া কৰিব বুলি ঘোষণা কৰাত শিক্ষকসকল উৎফুল্লিত হৈছিল৷ কিন্তু কিছুদিন পূৰ্বে শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমত দিয়া ভাষ্য অনুসৰি এই শিক্ষকসকলক সম্পূৰ্ণ নতুন নিযুক্তিৰ আওঁতাত নিযুক্তি দিয়াৰ চৰ্ত আৰোপ কৰে য’ত তেওঁলোকৰ দৰমহা গাঁঠনি সম্পূৰ্ণ নতুন হ’ব৷ এই ভাষ্য শুনি শিক্ষকসকল ক্ষোভিত হৈ পৰিছে৷ উল্লেখযোগ্য যে ২০১২ চনত নিযুক্তি পাই ১ এপ্ৰিল ,২০১৩ চনৰ পৰা সংশোধিত হাৰত দৰমহা লাভ কৰি থকা শিক্ষকসকলে নতুন দৰমহা গাঁঠনিত ১২ ৰ পৰা ১৪ হাজাৰমানকৈ কমকৈ লাভ কৰিব যিটোৱে শিক্ষকসকলক অৰ্থনৈতিক দিশত জুৰুলা কৰিব৷ বেতন সুৰক্ষাবিহীন নিয়মীয়াকৰণে শিক্ষকসকলৰ কেৱল আৰ্থিক ক্ষতিয়েই নহয় জেষ্ঠ্যতা, অভিজ্ঞতা, মৰ্যাদা তথা আত্মসন্মান আদিবোৰ মূল্যহীন কৰি তুলিব৷ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনী আৰু মধ্য ইংৰাজী শিক্ষক সংস্থাৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠিত হোৱা আজিৰ অৱস্থান ধৰ্মঘটৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ যোগেদি বিষয়টো পুনৰ বিবেচনা কৰি শিক্ষক সকলক বেতন সুৰক্ষাসহ নিয়মীয়া কৰিবলৈ অনুৰোধ জনাইছে৷ আজিৰ এই ধৰ্মঘট কাৰ্যসূচীত জিলা সমিতি সম্পাদক ধীৰুমণি শইকীয়া, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰূপম সোণোৱাল, উত্তৰ লখিমপুৰ সমিতিৰ উপদেষ্টাদ্বয় প্ৰতাপ পায়েং আৰু প্ৰতাপ ওজা উপস্থিত থকাৰ লগতে মধ্য ইংৰাজী শিক্ষক সংস্থাৰ জিলা সম্পাদক বিপুল বৰুৱা উপস্থিত থাকি শিক্ষক সকলক সহযোগিতা আগবঢ়ায়৷ সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক ধীৰুমণি শইকীয়াই আঁত ধৰা অনুষ্ঠানটিৰ শেষত লখিমপুৰ শিক্ষাখণ্ডৰ ভাৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া মহম্মদ ইজাজুল হুছেইনৰ হাতত শতাধিক শিক্ষকৰ উপস্থিতিত লখিমপুৰ খণ্ড সমিতিৰ সভাপতি শিখা শইকীয়া আৰু সম্পাদক মিন্টু শীলে এখন স্মাৰকপত্ৰ অৰ্পন কৰে।

0 Comments:
Post a Comment