অস্থায়ী যুদ্ধবিৰতি ইজৰাইল চৰকাৰৰ


নিউড ডেস্ক,২২ নবেম্বৰঃ কাটাৰৰ হেচাত ইজৰাইল চৰকাৰে গাজাত অস্থায়ী যুদ্ধবিৰতিৰ চুক্তিত অনুমোদন জনালে। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কয় যে এই চুক্তিৰ অৰ্থ এইটো নহয় যে যুদ্ধ বন্ধ হ’ব। ইজৰাইল চৰকাৰে স্থানীয় সময় অনুসৰি মঙলবাৰে নিশা চাৰিদিনীয়া যুদ্ধবিৰতি চুক্তিত অনুমোদন জনায়। যুদ্ধবিৰতি সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে ইজৰাইল চৰকাৰে সকলো পণবন্দীক দেশখনলৈ ঘূৰাই অনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিবৃতিটোত আৰু কোৱা হৈছে যেআজি নিশা চৰকাৰে এই লক্ষ্যত উপনীত হ'বলৈ প্ৰথম পৰ্যায়ৰ ৰূপৰেখাত অনুমোদন জনাইছে। চুক্তি অনুসৰি চাৰিদিনৰ ভিতৰত কমেও ৫০ জন পণবন্দী (মহিলা আৰু শিশু)ক মুকলি কৰি দিয়া হ’ব। সেই সময়ত যুঁজখন থমকি ৰ’ব। মুকলি কৰি দিয়া প্ৰতি অতিৰিক্ত দহজন পণবন্দীৰ বাবে বিৰতিৰ সময়ত এটা অতিৰিক্ত দিন থাকিব।ইয়াত লগতে কোৱা হৈছে যে ইজৰাইল চৰকাৰ আৰু নিৰাপত্তা সেৱাই (ইজৰাইল সেনা) সকলো পণবন্দীক ঘূৰাই পঠোৱাৰ বাবে, হামাছক নিৰ্মূল কৰাটো সম্পূৰ্ণ কৰাৰ বাবে আৰু গাজা যাতে ইজৰাইল ৰাষ্ট্ৰৰ বাবে কোনো ভাবুকি হৈ নপৰে তাৰ বাবে যুঁজি থাকিব। ইজৰাইল চৰকাৰে গাজাত অস্থায়ী যুদ্ধবিৰতি চুক্তিত অনুমোদন জনোৱাৰ বিপৰীতে নেতানিয়াহু ইজৰাইলৰ জনসাধাৰণৰ পৰা কেইবা সপ্তাহ ধৰি হেঁচাত পৰিছে। বিশেষকৈ গাজাত পণবন্দী কৰি ৰখা পৰিয়ালৰ পৰা। এই চুক্তিৰ পূৰ্বে নেতানিয়াহুৱে পণবন্দীসকলৰ পৰিয়ালৰ সৈতে কথা পাতিছিল। তাত তেওঁ কয় -'প্ৰিয়জনক ঘূৰাই অনাটো পবিত্ৰ আৰু ভাল কাম। কিন্তু এই চুক্তিৰ জৰিয়তে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়েও স্পষ্ট কৰি দিলে যে ইজৰাইলৰ গাজাত যুদ্ধ শেষ কৰাৰ কোনো উদ্দেশ্য নাই। মই স্পষ্টকৈ কওঁ, আমি যুদ্ধত আছো আৰু যুঁজি যাম।' তেওঁ লগতে কয় যে ইজৰাইলে নিজৰ লক্ষ্যত উপনীত নোহোৱালৈকে ৰৈ নাথাকিব। এই চুক্তি অনুসৰি পেলেষ্টাইনৰ স্বাধীনতা সংগঠন হামাছ আৰু ইছলামিক জেহাদে ৫০ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিব। বিনিময়ত ইজৰাইলে কাৰাগাৰত বন্দী হৈ থকা কেইবাজনো পেলেষ্টাইনীকো মুকলি কৰি দিব। ইফালে কয়দী বিনিময়ৰ অধীনত যুদ্ধবিৰতি বৃদ্ধি কৰিব পাৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment