বগীনদী আঞ্চলিক বাইথ সমাজৰ ৰূপালী জয়ন্তী বৰ্ষত 'মা'ৰ বৰ্ষপূৰ্তি অনুষ্ঠান
লখিমপুৰ,১৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বগীনদী আঞ্চলিক বাইথ' সমাজৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি "মা" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে ৩৩ সংখ্যক বৰ্ষপূৰ্তি তথা ২৪৩ সংখ্যক সজাগতা সভা আৰু সেৱা অনুষ্ঠানটি আজি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে বগীনদীৰ গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত কৰে। এই বৰ্ষপূৰ্তি অনুষ্ঠানত "শ্ৰৱণ কুমাৰ বঁটা ২০২৩, আৰু শ্ৰেষ্ঠ আদৰ্শ পুত্ৰ বঁটা ২০২৩ বঁটা প্ৰদান কৰা হয়। সেই অনুসৰি ২০২৩ বৰ্ষৰ শ্ৰৱণ কুমাৰ বঁটা লক্ষ্মীৰাম নাথক আৰু শ্ৰেষ্ঠ আদৰ্শ পুত্ৰ বঁটা ওম প্ৰকাশ তিৱাৰীক প্ৰদান কৰা হয়। বগীনদীৰ গজাই মনাই ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানত শ্ৰৱণ কুমাৰ বঁটা প্ৰদান কৰে অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। এই বঁটাত "মা" অনুষ্ঠানৰ মুকুট, গামোচা, চেলেং, প্ৰসংশা পত্ৰ, এটা স্মাৰক, এখন কাঠৰ শৰাই আৰু নগদ ১৫,৫৫৫ টকা বঁটা প্ৰাপকক প্ৰদান কৰা হয়। আনহাতে শ্ৰেষ্ঠ আদৰ্শ পুত্ৰ বঁটা শিক্ষক ওম প্ৰকাশ তিৱাৰীক প্ৰদান কৰে সোণোৱাল কছাৰী স্বায়ত্ব পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে। এই বঁটাত আছে নগদ ৫,৫৫৫ টকাৰ লগতে 'মা' অনুষ্ঠানৰ মুকুট, চেলেং, গামোচা, প্ৰসংশা পত্ৰ, এটা স্মাৰক। ইয়াৰ পাছতে 'মা' অনুষ্ঠানৰ পৃষ্ঠপোষক মেচাছ বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বত্ত্বাধিকাৰী গোবিন বৰদলৈয়ে ২০০ গৰাকী মাতৃ আৰু ৪৩ গৰাকী পিতৃক একোখনকৈ বস্ত্ৰৰে সম্বৰ্ধনা আৰু সেৱা জনায়। উল্লেখ, যে আজি পুৱা বগীনদী বাইথ সমাজৰ উদ্যোগত বগীনদী গজাই মনাই ক্ষেত্ৰৰ পৰা ২৫০ গৰাকী বৃদ্ধ-বৃদ্ধাৰ অংশ গ্ৰহনেৰে এক বিশাল শোভাযাত্ৰা উলিওৱাৰ পাছতে মা' অনুষ্ঠানৰ পতাকা উত্তোলন কৰা কৰা হয় । অনুষ্ঠানত পতাকা উত্তোলন কৰে বাইথ পূজা সমাজৰ সভাপতি চেনিৰাম সোনোৱালে । দিনৰ ১১ বজাত মুকলি সভাখন অনুষ্ঠিত হয় । মুকলি সভাত বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে মাতৃ পূজাৰ নৃত্য প্ৰদৰ্শন হয় । অনুষ্ঠানত বিভিন্ন জনক সম্বৰ্ধনা জনোৱাৰ লগতে বঁটা প্ৰদান কৰে । বঁটা প্ৰদান কৰি অনুষ্ঠানৰ মুখ্য অতিথি অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু সোণোৱাল কছাৰী স্বায়ত্ব পৰিসদৰ মূখ্য কাৰ্যবাহী টংকেশ্বৰ সোনোৱালে ভাষণ ৰাখে।


0 Comments:
Post a Comment