গুৱাহাটীত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত শিশুৰ অধিকাৰ সম্পৰ্কীয় সজাগতা অনুষ্ঠান



গুৱাহাটী,১৮ নৱেম্বৰঃ শিশুৰ অধিকাৰ ৰক্ষা আৰু জনসাধাৰণৰ বাবে আইনী সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাৰ জিলা আইন সেৱা প্ৰাধিকৰণে বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ সহযোগত আজি সংস্থাৰ বোন্দাত থকা "স্কুল ৱাপচী" কেন্দ্ৰত 'শিশু অনুকূল আইন সেৱা আৰু তেওঁলোকৰ সুৰক্ষা আঁচনি, ২০১৫' সন্দৰ্ভত এক সজাগতা কাৰ্যসূচী হাতত লয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লৈ চিকিৎসক তথা সমাজকৰ্মী ডাঃ ৰবীন মজুমদাৰে শিশুৰ সৈতে জড়িত আইনী বিষয়সমূহ অতি সংবেদনশীলতা আৰু যত্নসহকাৰে গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আইনী সেৱাসমূহ সহজলভ্য আৰু শিশু অনুকূল কৰি তোলাৰ ক্ষেত্ৰত জিলা আইন সেৱা প্ৰাধিকৰণে লোৱা পদক্ষেপসমূহৰ তেওঁ শলাগ লয়। তেওঁ শিশুৰ অধিকাৰ সুনিশ্চিত কৰা তথা সুৰক্ষিত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত বেচৰকাৰী সংস্থা ৰাউণ্ড টেবল ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি প্ৰদীপ গুপ্তা উপস্থিত থাকে। ৰাউণ্ড টেবল ইণ্ডিয়াই কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুল বেগ বিতৰণ কৰে। অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ প্ৰতিনিধিসকলেও শিশু অনুকূল আইন সেৱা আৰু তেওঁলোকৰ সুৰক্ষা আঁচনি, ২০১৫ সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়। বক্তাসকলে শিশুৰ অধিকাৰ ৰক্ষা আৰু আইনী সেৱাৰ ক্ষেত্ৰত সমূহীয়া প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment