লখিমপুৰ কাৰাগাৰত কয়দীয়ে আক্ৰমণ কৰা কাৰাবন্দী আব্দুল মোতালিবৰ মৃত্যু
লখিমপুৰ,৩ নৱেম্বৰঃ লখিমপুৰ জিলা কাৰাগাৰত ২৯ অক্টোবৰৰ নিশা এজন কয়দীয়ে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰা কাৰাবন্দী আব্দুল মোতালিব ভূঞা ওৰফে চিমাইন্নাই অৱশেষত মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে। আজি পুৱা তেওঁৰ এ এম চি এইচত মৃত্যু ঘটে। উল্লেখ যে ২৯ অক্টোবৰত উত্তৰ লখিমপুৰ কাৰাগাৰৰ ভিতৰত সংঘটিত হৈছিল এই আক্ৰমণৰ ভয়ংকৰ ঘটনা। সংকটজনক অৱস্থাত চিমাইন্নাক ভৰ্তি কৰা হৈছিল এ এম চি এইছত। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত দুৰ্ধৰ্ষ আবুল কালাম নামৰ কয়দীজনে নৃশংসভাৱে এটি শিলেৰে আক্ৰমণ চলাইছিল আন চাৰিজন কাৰাবন্দীক। আবুল কালামে প্ৰাণঘাতী আক্ৰমণ কৰি মূৰত গুৰুতৰভাৱে জখম কৰিছিল আব্দুল মোতালিব ভূঞা ওৰফে চিমাইন্নাক। অতি সংকটজনক অৱস্থাত চিমাইন্নাক লখিমপুৰ মেডিকেল কলেজৰ পৰা উক্ত নিশাই ডিব্ৰুগড় এ এম চি এইছত ভৰ্তি কৰা হৈছিল। আই চি ইউত দেওবাৰৰ নিশাৰ পৰা মৃত্যুৰে যুঁজি অৱশেষত আজি পুৱা হাৰ মানিলে আব্দুল মোতালিব ওৰফে চিমাইন্নাই। ইতিমধ্যে আজিজুৰ ৰহমান, ৰুহুল আমিন, জয়নাল আবেদিন নামৰ আন তিনিজন আঘাতপ্ৰাপ্তক লখিমপুৰ মেডিকেল কলেজৰ পৰা কাৰাগাৰলৈ লৈ যোৱা হৈছিল। ইয়াৰে আজিজুৰ ৰহমানৰ মূৰত পাঁচটাকৈ চিলাই পৰিছিল । ইফালে কাৰাগাৰৰ ভিতৰত কটকটীয়া নিৰাপত্তা থকাৰ পিছতো হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত দুৰ্ধৰ্ষ অপৰাধী এজনে চিনেমাৰ কায়দাৰে আক্ৰমণ কৰি এজনক হত্যা আৰু আন তিনিজন কাৰাবন্দীক অতি নৃশংসভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা কাৰ্যৰ পিছতেই কাৰাগাৰৰ কৰ্তৃপক্ষৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ লোকে। উল্লেখ্য যে আব্দুল মোতালিব ভূঞা ওৰফে চিমাইন্নাক বিনা কাৰণত লালুক আৰক্ষীয়ে কাৰাগাৰত নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল আৰু ওচৰ চুবুৰীয়া ৰাইজে। প্ৰায় এমাহ পূৰ্বে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ গৈ লালুক আৰক্ষীৰ এটা দলে পৰৱৰ্তী সময়ত জধে মধে ২ নং আহমেদপুৰৰ পৰা অৰ্ধ শতাধিক লোকক আটক কৰিছিল। ইয়াৰ মাজত আব্দুল মোতালিব ভূঞা ওৰফে চিমাইন্নাকো আটক কৰি পৰিয়ালৰ জিম্মাত দি মুকলি কৰি দি দিছিল। কিন্তু পৰৱৰ্তী সময়ত পুনৰ লোকজনক লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। লালুক আৰক্ষীৰ এই কাৰ্যকো সহজভাৱে লোৱা নাই পৰিয়ালৰ লোকে। ইফালে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা আব্দুল মোতালিব ভূঞাৰ মৃতদেহ চমজি লোৱাৰ কথা অস্বীকাৰ কৰিছে পৰিয়ালে। আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ কাৰাগাৰৰ কৰ্তৃপক্ষই পৰিয়ালক অৱগত নকৰাৰ অভিযোগ তুলিছে চিমাইন্নাৰ পৰিয়ালে। ইফালে কয়দীয়ে কাৰাবন্দীক আক্ৰমণ কৰি হত্যা কৰা ঘটনাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লখিমপুৰ জিলা আমছুৱে আৰু কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।

0 Comments:
Post a Comment