লখিমপুৰত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ চি পি আইৰ

লখিমপুৰ,৭ নৱেম্বৰঃ ৰাজ্যখনৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ সম্পর্কে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ লখিমপুৰ  জিলা পৰিষদে আজি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যলয় সন্মুখত এক বিক্ষোভ কায্যসূচী ৰূপায়ন কৰে। আজি দলটোৱে লখিমপুৰ নগৰৰ ৰাজপথত এক সমদল উলিয়াই  জিলা সদৰত বিক্ষোভ প্রদর্শন কৰে আৰু জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। বামপন্থী দলটোৰ অভিযোগ যে ভাৰত চৰকাৰৰ অধীনত থকা এন এইছ পি চিয়ে এই শতিকাৰ আৰম্ভণিতে অৰুণাচল প্ৰদেশৰ অন্তৰ্গত সোৱণশিৰি নদীত কেৱল বিদ্যুত উৎপাদনৰ লক্ষ্যৰে বৃহৎ নদীবান্ধ প্রকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰি ৰাইজক শংকিত কৰি তুলিছে। অৰুণাচল প্ৰদেশৰ ঠুনুকা শিলা স্তৰৰ ওপৰেদি প্রবাহিত আৰু ভূকম্পন প্ৰৱণ অঞ্চলত এনে বৃহৎ নদীবান্ধ নিৰ্মাণৰ প্ৰতিবাদ জনাই ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে বহুমূখী নদী বান্ধৰ দাবী জনোৱাৰ লগতে অসমৰ জনসাধাৰণে ব্যাপক প্রতিবাদী আন্দোলন কৰাৰ পাছতো নিৰ্মাণ কাৰ্য এন এইছ পি চিয়ে অব্যাহত ৰখাত ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকৰ অভিযোগ যে ২৭ অক্টোবৰত ভূমিস্খলন হৈ ড্ৰাইভাৰচন টানেল বন্ধ হোৱাত এন এইছ পি চিৰ নামনি সোৱণশিৰি প্ৰকল্পত এক  অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত নদীখনৰ নামনি অংশৰ জনগণৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে জৈৱবৈচিত্ৰৰ ওপৰতো প্ৰচণ্ড ভাবুকি আহি পৰে। ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ লখিমপুৰ জিলা পৰিষদে নদীবান্ধ নিৰ্মাণ সম্পৰ্কীয় সকলো দিশ বিশেষজ্ঞ কমিটিৰ জৰিয়তে অনুসন্ধান কৰি বিজ্ঞান সন্মতভাবে সোৱণশিৰি নদীবান্ধৰ গাঁথনিগত পৰিবৰ্তন সাধন কৰি জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু জৈৱ-বৈচিত্ৰত বাধা প্রদান নোহোৱাকৈ বহুমুখী পৰিকল্পনাৰে বহনক্ষম নদীবান্ধ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়। লগতে সম্প্ৰতি নদীবান্ধ নিৰ্মাণৰ কামকাজ বন্ধ ৰাখিবলৈ দাবী জনায়। আনহাতে নিত্য প্রয়োজনীয় খাদ্য সামগ্ৰিকে ধৰি সকলো ব্যৱহাৰ্য সা-সামগ্রী আকাশলংঘী মূল্যবৃদ্ধিয়ে জনজীৱন বিপৰ্য্যস্ত কৰি তোলাৰ অভিযোগ তুলি চৰকাৰক নিত্য ব্যৱহায্য সামগ্ৰীৰ দাম হ্ৰাস কৰি সকলো নিত্য প্রয়োজনীয় সামগ্ৰী সুলভ মূল্যৰ দোকানৰ জৰিয়তে যোগান ধৰিবলৈ দাবী জনায় দলটোৱে। দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও বিজেপি দলে অসমত শাসনভাৰ লোৱাৰ পিছত কোনো দিশতে দুর্নীতি বন্ধ হোৱা নাই বুলি সমালোচনা কৰি  সাম্প্ৰতিক সময়ত চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা নানান দুর্নীতি অনিয়মৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ভূমি ক্ৰয়ৰ কেলেংকাৰী, মাটিৰ শ্ৰেণী পৰিবৰ্তনৰ লগতে ১০ কোটি টকা ৰাজসাহায্য লাভৰ কেলেংকাৰী আৰু ৰিজৰ্ট ক্ৰয়ৰ কেলেংকাৰী অভিযোগ উত্থাপন কৰে। দলটোৱে এই সকলোবোৰ কেলেংকাৰীৰ চি বি আইৰ জৰিয়তে তদন্ত কৰোৱাই আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment