লেবাননৰ পৰা ইজৰাইলক আক্ৰমণ হামাছৰ



নিউজ ডেক্স,৭ নবেম্বৰঃ গাজাৰ উপৰি হামাছে লেবাননৰ পৰা ইজৰাইলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। সোমবাৰে হামাছে দক্ষিণ লেবাননৰ পৰা উত্তৰ ইজৰাইলৰ হাইফালৈ ধাৰাবাহিকভাৱে ১৬টা ৰকেট নিক্ষেপ কৰে। ইজৰাইলেও প্ৰতি আক্ৰমণ চলাইছে। ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে গাজাত ১০,০২২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ৪১০৪টা শিশু আৰু ২৬৪১গৰাকী মহিলা আছে। ইফালে ইজৰাইলে প্ৰকাশ কৰিছে যে ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত ইজৰাইলত ১৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই সাধাৰণ নাগৰিক। ইয়াৰ উপৰিও হামাছে ২৪০ জনতকৈ অধিক লোকক কাৰাগাৰত বন্দী কৰি ৰাখিছে। ইফালে ইৰাণ সমৰ্থিত হিজবুল্লাহ হামাছৰ ‘বন্ধু’ হোৱাৰ বাবে লেবাননৰ সৈতে ইজৰাইলৰ সীমান্তত উত্তেজনা সৃষ্টি হৈছে। ইজৰাইলৰ সৈতে সীমা অতিক্ৰম কৰি সংঘৰ্ষত মৃত্যু হৈছে কমেও ৮১জন লেবাননৰ সেনা। ইয়াৰ ভিতৰত আছে ৫৯ জন হিজবুল্লাহ যোদ্ধা। ইফালে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ হিচাপ অনুসৰি ইজৰাইলৰ আক্ৰমণত আহত লোকৰ সংখ্যা ২৫ হাজাৰ অতিক্ৰম কৰিছে। ইজৰাইলে গাজা চহৰৰ এখন চিকিৎসালয়তো আক্ৰমণ চলায়। এই পৰ্যন্ত ১৯২ গৰাকী স্বাস্থ্যকৰ্মীৰ এই আক্ৰমণত মৃত্যু হৈছে। কেইবাখনো এম্বুলেন্স ধ্বংস হয়। বন্ধ হৈ আছে বহু চিকিৎসালয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment