গাজাৰ পৰিস্থিতি চম্ভালিবলৈ ভাৰতক অনুৰোধ ইৰাণৰ


নিউজ ডেক্স,৭ নবেম্বৰঃ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচীয়ে ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ ক্ষেত্রত ভাৰতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোন কৰি কয় যে ভাৰতে এই সমস্যা সমাধান কৰিব পাৰে। অতি সোনকালে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিষয়টোৰ মাজলৈ আহি সমাধান কৰক। নিৰীহ লোকে প্ৰাণ হেৰুৱাই থকাটো মানি ল’ব নোৱাৰি। এই যুদ্ধ তৎক্ষণাত বন্ধ হোৱাটো অতি প্ৰয়োজন। যদি কিবা সাহায্যৰ প্ৰয়োজন হয়, তেন্তে তেওঁলোকেও কৰিব বুলিও তেওঁ কয়। এই যুদ্ধৰ বলি হৈছে নাৰী আৰু শিশু। এইটো কেতিয়াও বাঞ্ছনীয় নহয়। বিশ্বৰ সকলো দেশই বেছিকৈ ইজৰাইলক সমৰ্থন কৰিছে। ইৰাণেও সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম কৰি আছে। কিন্তু মানুহে যিদৰে প্ৰাণ হেৰুৱাইছে তাক লৈ তেওঁ মৰ্মাহত। আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অটুট ৰাখি এই কাম তৎকালীনভাৱে কৰিব লাগিব। তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে নিয়মিতভাৱে ফোনযোগে কথা পাতি থকা বুলিও কয়। দুয়োখন দেশেই বিচাৰে মানৱতাৰ স্বাৰ্থত এই যুদ্ধ শীঘ্ৰে বন্ধ হওক। অৱশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাবে যে বিশ্বৰ ৰাজনীতিৰ কথা মনত ৰাখি এই কামটো অতি সাৱধানে কৰা উচিত।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment