দীপাৱলীত নিশা ৮ বজাৰ পৰা দুঘন্টাৰ বাবে ফুটাব পাৰিব সেউজ ফটকা


গুৱাহাটী,৮ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলী কোনো ধৰণৰ দুৰ্ঘটনা নোহোৱাকৈ আৰু শান্তিপূৰ্ণভাৱে উদযাপন কৰা সন্দৰ্ভত আলোচনাৰ বাবে আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয়৷ জিলা আয়ুক্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কেবাগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, চক্ৰ বিষয়াসকল, পৌৰ নিগমকে ধৰি বিভিন্ন বিভাগৰ বিষয়া আৰু কালী পূজা উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷ বৈঠকত অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাই দীপাৱলীত ফটকা ফুটুৱাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ, ভাৰত চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰণালয় আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দিয়া নিৰ্দেশৰ আধাৰত আৰক্ষী আয়ুক্তই কামৰূপ মহানগৰ জিলাৰ বাবে প্ৰস্তুত কৰা নীতি নিৰ্দেশনাসমূহৰ বিষয়ে উল্লেখ কৰে৷ সেই অনুসৰি সমাগত দীপাৱলীত কেৱল ভাৰতত নিৰ্মিত সেউজ ফটকাহে বিক্ৰী কৰিব আৰু ফুটাব পাৰিব৷ দীপাৱলীৰ নিশা ৮বজাৰ পৰা ১০ বজাৰ ভিতৰত কেৱল দুঘন্টাৰ বাবেহে ৰাইজে সেউজ ফটকা ফুটাব পাৰিব৷ নিশা ১০ বজাৰ পৰা পিছদিনা পুৱা ৮ বজালৈ শব্দ সৃষ্টিকাৰী ফটকা ফুটুৱা সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব৷ গুৱাহাটী উচ্চ ন্যায়ালয়, জি এম চি এইচ, অসম সচিবালয়ৰ দৰে নিৰৱ স্থানসমূহত কোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব৷  উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰিবেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠানে আগবঢ়োৱা ব্যাখ্যা অনুসৰি তিনিধৰণৰ সেউজ ফটকা আছে- ছেফ ৱাটাৰ ৰিলিজাৰ, ছেফ মিনিমাল এলুমিনিয়াম আৰু ছেফ থাৰ্মাইট ক্ৰেকাৰ৷ এইবোৰ ১২৫ ডেচিবলতকৈ কম শব্দৰ৷  প্ৰশাসনে এই ব্যাখ্যা মানি চলিব৷ আনহাতে ফটকা বিক্ৰীৰ যাৱতীয় অনুজ্ঞা আৰক্ষী প্ৰশাসনে প্ৰদান কৰিব৷ অনুজ্ঞাপত্ৰ লাভ কৰা বিক্ৰেতাই কেৱল ভাৰতত নিৰ্মিত সেউজ ফটকাহে বিক্ৰী কৰিব পাৰিব৷ অনুজ্ঞাপত্ৰ দিওঁতে বান্ধি দিয়া নিৰ্দেশনা অমান্য কৰা বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি বৈঠকত উপস্থিত থকা আৰক্ষী বিষয়াই স্পষ্ট কৰি দিয়ে৷ অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাই ৰাইজ আৰু ফটকা বিক্ৰেতাক প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনায়৷ নিৰ্দেশনা অমান্য কৰিলে আইনমতে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ ৰাইজক ফটকা ব্যৱহাৰ কম কৰি দীপাৱলীক পোহৰৰ উৎসৱ হিচাপেই পালন কৰিবলৈ তেওঁ আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment