ৰাজস্থান চৰকাৰক অপসাৰণৰ দাবী কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহৰ


নিউজ ডেক্স,৭ নবেম্বৰঃ ৰাজস্থান চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণ কৰিব লাগে। এই দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। তেওঁ কয় যে ৰাজস্থানৰ গেহলট চৰকাৰে আইন, বিদ্যুৎ আৰু সকলো উন্নয়নমূলক আঁচনি নোহোৱা কৰি দিছে। এই চৰকাৰখন শীঘ্ৰে ক্ষমতাৰ পৰা অপসাৰণ কৰিব লাগে। ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা অমিত শ্বাহে দাবী কৰি কয় যে ৰাজস্থানৰ গেহলট চৰকাৰে সকলো ধৰণৰ দুৰ্নীতি অতিক্ৰম কৰিছে। ৰাইজে আঁতৰাই বিজেপিক নতুনকৈ কাম কৰাৰ সুযোগ দিব। কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যদি নিজৰ কৰ্তব্য সঠিকভাৱে পালন নকৰে তেন্তে সেই ৰাজ্যখনৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিব। কেন্দ্ৰৰ বিজেপি চৰকাৰে অগ্ৰগতিৰ ধাৰা বজাই ৰাখিছে। কিন্তু ভুল সিদ্ধান্তৰ বাবে কেইবাখনো ৰাজ্যই তেওঁলোকৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিছে। কংগ্ৰেছে বিগত ৭০ বছৰে ৰাম মন্দিৰক লৈ দেশবাসীক বিপথে পৰিচালিত কৰিছে। কিন্তু অহা বছৰ ৰাম মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপি চৰকাৰে ৰাম মন্দিৰৰ ভূমিপূজাৰে দেখুৱাইছে যে কোনো পথ সঠিক দিশত অনুসৰণ কৰিলে কঠিন নহয়। উল্লেখ্য যে ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। সেইবাবেই ইতিমধ্যে বিভিন্ন ঠাইৰ লোকে অযোধ্যালৈ যাবলৈ টিকট বুকিং কৰিবলৈ আৰম্ভ কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment