কাজিৰঙা,২৩ ডিচেম্বৰঃ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা ৰাজেন সিঙে পৰিয়ালৰ বাবে হাতী ছাফাৰীৰ টিকটৰ ব্যৱস্থা নকৰাৰ বাবে বন বিভাগৰ এজন বিষয়াক অসৎ আচৰণ কৰাৰ লগতে বিনা দোষত অবৈধভাৱে আটক কৰাৰ অভিযোগ ইতিমধ্যে প্ৰমাণ হৈছে। যাৰ বাবে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখ্য যে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ক্ষমতা তথা পদৰ অপব্যৱহাৰ কৰাৰ অভিযোগ নতুন নহয়। এই অভিযোগৰ মাজতে এই ঘটনাটো পোহৰলৈ আহিছে। হাতী ছাফাৰীৰ টিকট নোপোৱাৰ বাবে গোলাঘাটৰ আৰক্ষী অধীক্ষকে বন পালক তৰুণ গগৈক মাজনিশালৈকে অবৈধভাৱে আটক কৰি ৰাখিছিল। গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে পৰিয়ালৰ লোকৰ বাবে হাতী ছাফাৰীৰ বাবে পাঁচটা টিকট বিচৰিছিল। কিন্তু সকলো টিকট বিক্ৰী হোৱাৰ বাবে তৰুণ গগৈ নামৰ বন পালক জনে ব্যৱস্থা কৰিব নোৱাৰিলে। যাৰবাবে ৰাজেন সিঙে তেওঁক অভব্য ব্যৱহাৰ কৰে। মাজনিশা বন বিষয়াজনক উঠাই লৈ কহৰা আৰক্ষী আউটপোষ্টত চাৰি ঘণ্টাৰো অধিক সময় অবৈধভাৱে আবদ্ধ কৰি ৰাখে। বিষয়টো পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত কয় যে "I spoke to the Director General of Police, Assam Sri @gpsinghips regarding the incident involving the Superintendent of Police, Golaghat. We do not endorse arrogance, and it is important for public servants to remain humble in their thoughts and actions." আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কয় যে "I’ve been made aware of the last evenings undue detention of Sri Tarun Gogoi of @assamforest by
@GolaghatPolice I have spoken with Sri Gogoi and conveyed my regret as @DGPAssamPolice
SP Golaghat has also been suitably advised.Our aim remains courteous behaviour with fellow citizens. I have also conveyed my sincere apologies to the Hon CM Assam for anguish caused to him and the Government. Apologies to people of Assam with a commitment to improve further.'
ইফালে গোচৰটোৰ ভুক্তভোগী বন বিষয়া তৰুণ গগৈয়ে পিছত স্পষ্ট কৰি দিয়ে যে এই ঘটনাক লৈ গোলাঘাটৰ আৰক্ষী অধীক্ষ ৰাজেন সিঙে তেওঁৰ ঘৰলৈ আহি ক্ষমা বিচাৰিছে। তেওঁ কয় -"আৰক্ষী অধীক্ষকে মোক লগ কৰি ক্ষমা খুজিছে। আৰক্ষী বিষয়া সিঙে "মানুহে ভুল কৰে" বুলি কৈ ক্ষমা বিচাৰে। ঘটনাটো মই ক্ষমা কৰি দিছোঁ, মই পাহৰিছোঁ। মোৰো ভাল লাগিছে। জি পি সিঙে মোক ফোন কৰিছিল। মই তেওঁক ক'লোঁ যে মই ভালেই আছো আৰু এছ পি মোৰ লগত বহি আছে আৰু তেওঁ ক্ষমা বিচাৰিছে।"

0 Comments:
Post a Comment