লখিমপুৰ,১৬ ডিচেম্বৰঃ চাকৰিৰ মুকলি বেহা পাতি লখিমপুৰত আৰক্ষীৰ জালত পৰিল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন পালিনেতা। আৰক্ষীৰ জালত পৰা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ এইজন নেতা হ'ল চামচুল হুছেইন ওৰফে ৰাজা। এই জনে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত পাতিছিল বেহা। এই সন্দৰ্ভত লাভ কৰা তথ্য মতে তৃতীয় বৰ্গৰ চাকৰিৰ নামত ৫ লাখ, চতুৰ্থ বৰ্গৰ চাকৰি নামত ৩ লাখ টকা দাবী কৰিছিল এইজন পালি নেতাই। ইতিমধ্যে বিজেপি নেতা জনৰ ধন দাবীৰ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ লগে লগে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। শীঘ্ৰেই দালাল চামছুলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি চামচুল হুছেইনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। শেহতীয়া খবৰ মতে আৰক্ষীয়ে চামচুল হুছেইনক জেললৈ প্ৰেৰণ কৰিছে।


0 Comments:
Post a Comment