লখিমপুৰত বিহু সুৰক্ষা সমিতিৰ মধ্যকালীন অধিবেশন
লখিমপুৰ,২৩ ডিচেম্বৰঃ বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা সমিতিৰ মধ্যকালীন অধিবেশন আজি সদৌ টাই আহোম ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিৰ মুখ্য কাৰ্যলয়ৰ সভাগৃহত দিনজোৰা কার্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। আজি পুৱা ৯ বজাত বিহু সুৰক্ষা সমিতিৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি কুশৰাম সোনোৱালে। পুৱা ৯.৩০ বজাত স্মৃতি তর্পণ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মহিলা মঞ্চৰ মুখ্য আহ্বায়িকা ৰেণুমণি গগৈয়ে। ইয়াৰ পাছতে আৰম্ভ হয় প্রতিনিধি সভা। প্রতিনিধি সভাখন উদ্ধোধন কৰে বিহু সুৰক্ষা সমিতি অসমৰ বিদ্যায়তনিক সচিব লক্ষ্য তামুলী ফুকনে। জিলা সমিতিৰ সভাপতি কুশৰাম সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্রতিনিধি সভাখনত উপস্থিত থাকে জিলা সমিতিৰ উপদেষ্টা চক্ৰধৰ সোণোৱাল, মহিলা মঞ্চৰ মুখ্য আহবায়িকা ৰেণুমনি গগৈ কেন্দ্রীয় বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য প্ৰচাৰ সম্পাদক ডাঃ কিৰণ ফুকন। প্রতিনিধি সভাখনৰ আঁত ধৰে জিলা সমিতিৰ সহকাৰী সম্পাদক চম্পক গগৈয়ে আৰু যোৱা সাধাৰণ সভাৰ প্রতিবেদন পাঠ কৰে জিলা সমিতিৰ সম্পাদক হৰিচৰণ বৰাই। দিনৰ ১২.৩০ বজাত বিভিন্ন আলোচনাৰ মাজেৰে প্রতিনিধি সভাখনিৰ পৰি সমাপ্তি ঘটে। ইয়াৰ পিছতেই মহিলা মঞ্চৰ ২০২১ চনত ক'ভিডকালীন পৰিস্থিতিত অন-লাইন যোগে অনুষ্ঠিত ৰাভা সংসীত (অসম ভিত্তিক) প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰা অনাতাৰ শিল্পী বিশিষ্ট সাংস্কৃতিক কর্মী প্রতাপ শর্মাক মহিলা মঞ্চ অসম আৰু লখিমপুৰ জিলা মহিলা মঞ্চই সম্বর্ধনা জ্ঞাপন কৰে। দিনৰ ১.৩০ বজাত পৰা লখিমপুৰ জিলা বিহু সুৰক্ষা সমিতিৰ মধ্যকালীন অধিবেশনৰ মুকলি সভাখন আৰম্ভ হয়। জিলা সমিতিৰ সভাপতি কুশৰাম সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্রীয় মুখ্য প্ৰচাৰ সম্পাদক ডাঃ কিৰণ ফুকনে। মুকলি সভাখনত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ধেমাজী জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি প্ৰবিত্র সন্দিকৈয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপদাধিকাৰ চক্ৰধৰ সোনোৱাল আৰু বিহু সুৰক্ষা সমিতি অসমৰ কর্ণধাৰ সমিতিৰ সদস্য জীবন চমুৱাই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। মুকলি সভাৰ মঞ্চত বিহু সুৰক্ষা সমিতি অসমৰ উপ সভাপতি অতুল দত্ত আৰু জিলা বিহু সুৰক্ষা সমিতিৰ উপদেষ্টা ধৰ্মেশ্বৰ গগৈয়ে অংশ গ্রহণ কৰে।

0 Comments:
Post a Comment