লখিমপুৰত জিলাভিত্তিক 'খেল মহাৰণ' প্ৰতিযোগিতাৰ সামৰণি
লখিমপুৰ,২৭ ডিচেম্বৰঃ লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়, অসম আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত জিলাভিত্তিক "খেল মহাৰণ" কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠানটো আজি উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ খেলপথাৰত অনুষ্ঠিত হয়। জিলা ক্ৰীড়া বিষয়া কাৰ্য্যলয়ৰ শাৰীৰিক প্ৰশিক্ষক অজিত কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে। লখিমপুৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে বিহপুৰীয়া, নাওবৈছা, লক্ষীমপুৰ আৰু ঢকুৱাখনা সমষ্টিৰ বিধানসভা পৰ্যায়ত অনুষ্ঠিত হোৱা খেল মহাৰণৰ প্ৰতিযোগিতা সমূহৰ বিজয়ী প্ৰতিযোগীসকলে জিলাভিত্তিক আয়োজিত খেল মহাৰণ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰিছিল। জিলা ক্ৰীড়া বিষয়া চেমী শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটি লখিমপুৰ, নাওবৈছা আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি, জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগে, জিলা উন্নয়ন আয়ুক্ত, উৎপল বৰা, জিলা অতিৰিক্ত আয়ুক্ত সুলক্ষণা বৰপাত্ৰগোঁহাই, সমাজকৰ্মী বসন্ত শইকীয়া, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চেতিয়া, নাওবৈছা খণ্ড উন্নয়ন বিষয়া দিব্যজ্যোতি শইকীয়া খেলুৱৈ, অভিভাৱক, ক্ৰীড়ানুৰাগী ব্যক্তি, প্ৰশিক্ষক আৰু ক্ৰীড়া বিভাগৰ বিষয়া কৰ্মচাৰী সকল অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত জিলাভিত্তিত সমষ্টি পৰ্যায়ৰ বিজয়ী প্ৰতিযোগীসকলক ট্ৰফী আৰু মেডেল প্ৰদান কৰা হয়। উল্লেখ্য যে জিলাভিত্তিক প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলে জানুৱাৰী মাহত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হবলগীয়া খেল মহাৰণ কাৰ্য্যসূচীত অংশ গ্ৰহন কৰিব।

0 Comments:
Post a Comment