প্ৰকাশৰ পথত সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী আৰু কবি ৰূপালী বসুমতাৰীৰ গ্ৰন্থ
হাওৰাঘাট,২৬ ডিচেম্বৰঃ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাৱঁৰ বাসিন্দা বিশিষ্ট সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী আৰু বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ দুখন গ্ৰন্থ উন্মোচন কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ২৭ ডিচেম্বৰ বুধবাৰে দিনৰ এঘাৰ বজাত ডিফুৰ লুৰুলাংছ'স্থিত ৰাংছিনা চাৰপ' সাংস্কৃতিক ভৱনত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ সভাত পাহাৰীয়া জিলাখনৰ লৰিংথেপিৰ বিশিষ্ট সমাজকৰ্মী তথা ১৮ নং হাওৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ উপস্থিতিত বিশিষ্ট সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীৰ চতুৰ্থখন ' মহৎ লোকৰ অমৃত বাণী ' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে। ইফালে সেইখন সভাতে বিশিষ্ট সমাজকৰ্মী দৰছিং ৰংহাঙেই প্ৰকাশ কৰি উলিওৱা বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে' শীৰ্ষক দ্বিতীয়খন কাব্যগ্ৰন্থ উন্মোচন কৰিব 'অস্তিত্বৰ সময়'ৰ কবি বকলীয়াঘাটৰ লক্ষেশ্বৰ শৰ্মাই। আমন্ত্ৰিত অতিথি সকলক উক্ত সভাত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে বিশিষ্ট লেখক আৰু বিশিষ্ট কবি দুগৰাকীক ভৱিষ্যতলৈ আগুৱাই যোৱাত উৎসাহ উদ্দীপনা যোগাবৰ বাবে আহ্বান জনাইছে উদ্যোক্তাসকলে।


0 Comments:
Post a Comment