সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী' আৰু কবি ৰূপালী বসুমতাৰীৰ 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে' গ্ৰন্থ উন্মোচন



হাওৰাঘাট,২৭ ডিচেম্বৰঃ কাৰ্বি আংলং জিলাৰ ডিফুৰ লুৰুলাংছস্থিত ৰাংছিনা চাৰপ' সাংস্কৃতিক ভৱনত বুধবাৰে হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাওঁ তথা হাওৰাঘাটৰ সাংবাদিক, লেখক ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী' আৰু বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে' শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট কবি তথা সাংবাদিক শৰৎ পাটৰে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী' আৰু ৰূপালী বসুমতাৰীৰ 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে' শীৰ্ষক কাব্যগ্ৰন্থ 'অস্তিত্বৰ সময়'ৰ কবি লক্ষেশ্বৰ শৰ্মাই উন্মোচন কৰে। দুখনকৈ গ্ৰন্থ উন্মোচনীৰ গাম্ভীৰ্যপূৰ্ণ সভাত সমাজকৰ্মী তথা ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে সূৰ্য ৰংফাৰ আৰু কাংবুৰা কিলিং উপস্থিত থাকে। সভাত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট, লাংহিন, বকলীয়াঘাট, মাঞ্জা, বোকাজান, ডিফু আৰু পশ্চিম কাৰ্বি আংলঙৰ শতাধিক কবি, সাহিত্যিক, লেখক, সাংবাদিক উপস্থিত থাকে । শিশু সাহিত্য অকাডেমি বঁটা বিজয়ী ৰত্নেশ্বৰ নাৰ্জাৰী, বালিমাহি খ্যাত কবি তথা পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভৱেন কোচ, বিশিষ্ট লেখক, কবি ভৱপ্ৰসাদ দেউৰী, বিশিষ্ট লেখক পবিত্ৰ বৰা, বিশিষ্ট কবি থানেশ্বৰ গয়াৰী, কাৰ্বি লামমেত আমেইৰ সম্পাদক জয়ছিং টকবি, জেষ্ঠ সাংবাদিকদ্বয় নগেন বৰা, মুকুল বৰুৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী সাবিত্ৰী গগৈ, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰ এৎ হাঞ্চে, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা আদি উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment